NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2025 9:40 pm

হেৰউ কৃষক,
প্রথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।
ধৰণীৰ বুকু ফালি
নাঙলৰ ফাল তুলি
পোনে পোনে তয়ে লখিমীক লভিছিলি
আজিনো লখিমী ক’ত? ক’ত হেৰুৱালি?…
লোকৰ ফাঁকিত পৰি হলি
শোষণৰ দাস-মজুৰ-শ্রমিক।
ধিক্ ধিক্ জীৱনত ধিক্‌!

সৈনিক-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা! যি অসমৰ জন জীৱনৰ মাজত সাহিত্য, সংগীত আৰু নাটকৰ জৰিয়তে শ্ৰেণীসংগ্ৰাম আৰু কমিউনিষ্ট আন্দোলনৰ বাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁ এই শিল্পৰ সত্তা তথা বিপ্লৱী সত্তাক উজ্জীৱিত কৰি ৰখাৰ মানসেৰে ২০ জুন দিনটো ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে।

২০২৫ বৰ্ষত ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত আগন্তুক ২০ জুনত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে।

এই উপলক্ষে ১৫ জুনৰ ৰাতিপুৱা ৯:৩০ বজাত চানমাৰিস্থিত গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।

এই প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈ তিনিটা ভাগত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক ২০ জুনত আয়োজিত বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হ’ব।