NORTHEAST NOW (Assamese)
দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 15, 2025 9:45 pm

পুনেৰ ইন্দ্ৰায়নী নদীত ভাঙি পৰিল এখন দলং। এই দুৰ্ঘটনাত কমেও ৬ জন লোকৰ মৃত্যু হৈছে। পানীৰ সোঁতে উটুৱাই লৈ গৈছে বহু পৰ্যটকক। ইতিমধ্যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ইতিমধ্যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। ৰাষ্ট্রীয় দুৰ্যোগ প্রতিক্রিয়া বাহিনীও সেই স্থানত উপস্থিত হৈছে৷

সূত্ৰ অনুসৰি এই পৰ্যন্ত ৮ গৰাকী পৰ্যটকক উদ্ধাৰ কৰা হৈছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে ২ গৰাকী মহিলা। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। বহু পৰ্যটকক পানীয়ে উটুৱাই লৈ গৈছে। তেওঁলোকৰ সন্ধানো আৰম্ভ হৈছে।

প্ৰথম অৱস্থাত গম পোৱা গৈছিল যে কেইবাবছৰ ধৰি দলংখন জৰাজীৰ্ণ অৱস্থাত আছিল। ইয়াৰ গঠন দুৰ্বল হৈ পৰিছিল। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে চাৰি-পাঁচ বছৰ পূৰ্বে দলংখন মেৰামতি কৰা হৈছিল যদিও তাৰ পিছৰ পৰা দলংখনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাই।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে যদিও বহুদিন পূৰ্বে দলংখনত যান-বাহনৰ যাতায়ত বন্ধ হৈছিল, তথাপিও নিয়ম মানি নচলি পৰ্যটকসকলে তালৈ বাইক লৈ গৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দলঙৰ ওপৰত কেইবাখনো বাইক থিয় হৈ আছিল। তেওঁলোকৰ মতে অত্যধিক ওজনৰ বাবে দলংখন ভাঙি পৰে।