SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধ আৰু উত্তেজনাৰ পটভূমিত, ছুইডেনৰ প্ৰতিৰক্ষা আৰু শান্তি বিষয়ক গৱেষণা সংস্থা ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে (SIPRI) ২০২৫ বৰ্ষৰ বিশ্বৰ পাৰমাণৱিক শক্তিসম্পন্ন দেশসমূহৰ তালিকা প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি ভাৰত পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ সামান্য আগবাঢ়ি থাকিলেও চীনৰ তুলনাত বহু পিছ পৰি আছে।
SIPRI-ৰ তথ্য মতে, বৰ্তমান ভাৰতৰ হাতত ১৮০ টা পাৰমাণৱিক অস্ত্ৰ আছে, যিয়ে ২০২৪ চনৰ ১৭২টা লৈবৃদ্ধি পাইছে। আনহাতে, পাকিস্তানৰ হাতত ১৭০টা পাৰমাণৱিক অস্ত্ৰ আছে, আৰু তেওঁলোকৰ সংখ্যা ২০২৪ চনৰ পৰা কোনো বৃদ্ধি পোৱা নাই।
SIPRIৰ তথ্য অনুসৰি চীনৰ হাতত বৰ্তমান প্ৰায় ৬০০টা পাৰমাণৱিক অস্ত্ৰ আছে আৰু তেওঁলোকে স্থল, জল আৰু আকাশমাৰ্গ আতাইকেইটা বাহিনী পাৰমাণৱিক আক্ৰমণত সক্ষম কৰি তুলিছে।
IPRI-ৰ মতে, বৰ্তমান বিশ্বত আটাইতকৈ বেছি পাৰমাণৱিক অস্ত্ৰ ৰাছিয়াৰ হাতত আছে (৫,৪৫৯ টা)। তাৰ পিছতে আছে আমেৰিকা (৫,১৭৭ টা), আৰু তাৰ পিছত ব্ৰিটেইন, ফ্ৰান্স, চীন, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজ্ৰায়েলৰ নাম উল্লেখ কৰিছে।