NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2025 10:15 am

ভাৰত আৰু কানাডাই তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে নাগৰিক আৰু ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক সেৱা পুনৰ আৰম্ভ কৰিবলৈ নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জি-৭ নেতাৰ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ মাজত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই পাৰস্পৰিক সন্মান, আইনৰ শাসন আৰু প্ৰতিখন দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ভাৰত আৰু কানাডাৰ জনসাধাৰণৰ মাজত শক্তিশালী ঐতিহাসিক সম্পৰ্কৰ লগতে অৰ্থনৈতিক উন্নয়ন, যোগান শৃংখল আৰু শক্তি পৰিৱৰ্তনৰ দৰে ক্ষেত্ৰত অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে। প্ৰযুক্তি, ডিজিটেল ৰূপান্তৰ, খাদ্য সুৰক্ষা আৰু জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰে এই বৈঠকত।

কাৰ্নীয়ে জি-৭ত আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া, নিৰাপত্তা নিশ্চিত কৰা আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বজাই ৰখা আদি বিষয়সমূহো উত্থাপন কৰে।

উল্লেখ্য যে কিছু সময়ৰ বাবে দুয়োখন দেশৰ সম্পৰ্কত টান অহাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা বছৰৰ অক্টোবৰ মাহত ভাৰতে কানাডাৰ ছজন কূটনীতিবিদক বহিষ্কাৰ কৰিছিল আৰু ইতিমধ্যে দুয়োখন দেশৰ মাজত  সম্পৰ্কৰ বৃহৎ অৱনতি দেখিবলৈ পোৱা গৈছিল। শিখ উগ্ৰপন্থী হৰদীপ সিং নিজাৰৰ হত্যাকাণ্ডৰ  সৈতে জড়িত থকাৰ অভিযোগক কঠোৰভাৱে খাৰিজ কৰাৰ পিছত কানাডাৰ পৰা উচ্চায়ুক্ত সঞ্জয় ভাৰ্মা আৰু অন্যান্য  বিষয়াসকলক প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল।

২০২৩ চনৰ জুন মাহত ভাৰতে খালিস্তানী সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা কানাডাৰ নাগৰিক নিজাৰৰ হত্যা কাণ্ডৰ সৈতে ভাৰ্মা জড়িত থকা বুলি কানাডাই ঘোষণা কৰিছিল। ইয়াৰ পিছতে কানাডাই অধিক পদক্ষেপ লোৱাৰ পূৰ্বে ভাৰতে বৰ্মা আৰু আন পাঁচজন কূটনীতিবিদক  ভাৰতলৈ  ঘূৰাই আনে।

বৰ্মাই কানাডাৰ এই পন্থাক সমালোচনা কৰি ইয়াক অপেছাদাৰী বুলি অভিহিত কৰি, দেশৰ শীৰ্ষ দূতক লক্ষ্য কৰি লোৱাৰ পৰিৱৰ্তে কূটনৈতিক উপায় ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন বুলি মত প্ৰকাশ কৰে।