NORTHEAST NOW (Assamese)
দেশ

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2025 2:38 pm

আধাৰ কাৰ্ড আপডেট কৰা অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ ঠিকনা, জন্ম তাৰিখ, নাম বা মোবাইল নম্বৰ যেনেকুৱা তথ্য সঠিক থকাটো। এইবোৰ যদি ভুল থাকে, তেন্তে বেংক, পাৰিচয় পত্ৰ, ভিছা আদিৰ বহু কামত বাধা আহিব পাৰে। এতিয়ালৈকে এইবোৰ আপডেট কৰিবলৈ অধিকাংশ ক্ষেত্ৰতেই লোকসকলক আধাৰ কেন্দ্ৰলৈ গৈ শাৰীত ৰৈ কাম কৰিবলৈ বাধ্য কৰা হৈছিল।

কিন্তু এতিয়া এই পদ্ধতিত বৃহৎ পৰিৱৰ্তন আহি আছে। ইউআইডিএআই (UIDAI)য়ে আধাৰ আপডেটক অধিক সহজ, সুলভ আৰু ডিজিটেল কৰি তোলাৰ বাবে এক নতুন ব্যৱস্থা প্ৰস্তুত কৰিছে। ২০২৫ চনৰ নৱেম্বৰৰ পৰা অধিকাংশ তথ্য ঘৰৰ পৰা অ’টিপিৰে (OTP) জৰিয়তে সংশোধন কৰা সম্ভৱ হ’ব।

এই নতুন ব্যৱস্থাত, আপোনাৰ অন্যান্য নথি — যেনে পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স, এমএনৰেগা কাৰ্ড আদিৰ লগত আধাৰ নম্বৰৰ লিংক কৰাৰ জৰিয়তে আপোনাৰ তথ্যৰ প্ৰমাণ স্বয়ংক্ৰিয়ভাৱে হ’ব। এনেধৰণৰ ভেৰিফিকেশ্যন স্বয়ংক্ৰিয়ভাৱে কেন্দ্ৰীয় ডেটাবেছৰ জৰিয়তে সম্পন্ন হ’ব। এইদৰে, যদি আপোনাৰ আন চৰকাৰী নথিত সঠিক তথ্য থাকে, তেন্তে সেয়া আধাৰতো আপডেট হ’ব।

ইয়াৰ ফলত, ইউআইডিএআইয়ে এক নতুন মোবাইল এপ মুকলি কৰিবলৈ সাজু হৈছে, যাৰ জৰিয়তে আপুনি নিজৰ নাম, ঠিকনা, জন্ম তাৰিখ, মোবাইল নম্বৰ আদি ঘৰেতএ আপডেট কৰিব পাৰিব। আপডেটৰ সময়ত কেৱল এটা অ’টিপি লাগিব, যি আপোনাৰ পঞ্জীয়ন ভুক্ত মোবাইল নম্বৰলৈ আহিব।

উল্লেখ্য যে বায়’মেট্ৰিক (আঙুলিৰ ছাপ, আইৰিছ) তথ্য পৰিৱৰ্তনৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ’ব। তাৰ বাবে আগৰ দৰে আধাৰ কেন্দ্ৰলৈ গৈ শাৰীত ৰ’ব লগা হ’ব, কিয়নো এই তথ্য আপডেট মেচিনেৰে কৰা হয়।