NORTHEAST NOW (Assamese)
Popular Stories

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2025 5:56 pm

ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত মসৃণ কৰাৰ বাবে নতুন পদক্ষেপ। এইবাৰ কেন্দ্ৰই একে সময়তে গোটেই বছৰটোৰ বাবে টোল টেক্স জমা কৰাৰ সুযোগ দিয়াৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰিছে বাৰ্ষিক টোল পাছ। এই সিদ্ধান্ত বুধবাৰে এক্স হেণ্ডেলত ঘোষণা কৰে নীতিন গাডকাৰীয়ে।

কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয়, “ৰাষ্ট্ৰীয় ঘাইপথত অধিক হেঁচামুক্ত যাত্ৰাৰ বাবে আমি বাৰ্ষিক FASTag পাছৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছো। ১৫ আগষ্টৰ পৰা এই নতুন পাছটো ব্যৱহাৰ কৰা হব। ইয়াৰ দাম ৩ হাজাৰ টকা। ই এবছৰৰ বাবে বৈধ। এই বাৰ্ষিক FASTag পাছ ব্যৱহাৰ কৰি আপুনি সৰ্বাধিক ২০০ বাৰ যাত্ৰা কৰিব পাৰিব। এই পাছটো মূলতঃ ব্যক্তিগত বাহনৰ বাবে চিন্তা কৰা হৈছে।” কোৱা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত নিৰৱচ্ছিন্ন যান-বাহনৰ যাতায়ত বজাই ৰখাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে বাৰ্ষিক টোল পাছৰ মূল্য ৩ হাজাৰ টকা হব বুলি ঘোষণা কৰিছে। এই পাছটো বৰ্তমানে কাৰ্য্যকৰী FASTag ব্যৱস্থাপ্ৰণালীৰ সৈতে সংযুক্ত কৰা হব। বৰ্তমান ব্যক্তিগত গাড়ী ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে ৩৪০ টকাকৈ মাহেকীয়া ৰিচাৰ্জযোগ্য পাছ লাভ কৰিব পাৰিব, যিটো কেৱল নিৰ্দিষ্ট টোল প্লাজাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু নতুন ব্যৱস্থাটো কাৰ্যকৰী হলে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থাৰ সকলো টোল প্লাজালৈ যোৱাৰ বাবে বাৰ্ষিক পাছটো সস্তা বিকল্প হৈ পৰিব পাৰে। এই পাছৰ বৈধতা এবছৰ। অৱশ্যে সেই টোল পাছটো সৰ্বাধিক ২০০ বাৰ ব্যৱহাৰ কৰিব পাৰিব। ২০০ বাৰ ব্যৱহাৰৰ পিছত ইয়াৰ ম্যাদ উকলি যাব।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে ২০২১ চনত সমগ্ৰ দেশতে FASTag ব্যৱস্থা আৰম্ভ কৰিছিল।ইয়াৰ জৰিয়তে গাড়ীখনত FASTag ষ্টীকাৰ লগোৱা হৈছে। টোল প্লাজাৰ মাজেৰে পাৰ হওঁতে টেগ স্কেন কৰি টকা কৰ্তন কৰা হয়। ৰিচাৰ্জ সম্পূৰ্ণ হোৱাৰ পিছত বাহনৰ মালিকে ৰিচাৰ্জ কৰিব লাগিব। এইবাৰ কেন্দ্ৰটোৱে সেই পদ্ধতিটো অধিক অত্যাধুনিক কৰি তুলিবলৈ গৈ আছে।