NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2025 1:12 pm

নাগপুৰৰ ১৯ বছৰীয়া দবা খেলুৱৈ দিব্যা দেশমুখে বিশ্ব দবা জগতত আলোড়নৰ সৃষ্টি কৰিছে। লণ্ডনত অনুষ্ঠিত হোৱা ফিডে ৱৰ্ল্ড ৰেপিড আৰু ব্লিটজ টিম চেম্পিয়নশ্বিপৰ ব্লিটজ ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ খেলুৱৈ হাও য়িফানক পৰাস্ত কৰে।

এই জয়ৰ জৰিয়তে ভাৰতে ৰেপিডত দ্বিতীয় স্থান আৰু ব্লিটজত তৃতীয় স্থান দখল কৰিছে। নিজৰ সাফল্যত উল্লাসিত দিব্যাই কয়, ‘অবিশ্বাস্য অভিজ্ঞতা। এই প্ৰতিযোগিতাখনৰ সফলতাই মোক মোৰ খেলৰ বাকী সময়ছোৱাত অনুপ্ৰাণিত কৰি ৰাখিব।’

এই সফলতাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত দিব্যাক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি দিব্যাই দেশখনক গৌৰৱান্বিত কৰাই নহয়, পৰৱৰ্তী প্ৰজন্মৰ দবা খেলুৱৈৰ বাবেও প্ৰেৰণা হিচাপে পৰিগণিত হ’ব। অভিনন্দন দিব্যা।’

দিব্যাৰ দেউতাক আৰু মাক দুয়োজনেই ডাক্তৰ৷ তেওঁলোকৰ ছোৱালীজনীৰ পঢ়া-শুনাত মনোনিৱেশ বৃদ্ধি কৰিবলৈ তেওঁলোকে তাইক দবা খেলত নামভৰ্তি কৰাই দিছিল। আৰু দিব্যাই চৌষষ্ঠি ঢাপৰ বৰ্ডত বহিও আচৰিত কৰি থাকিল।

২০২১ চনত গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হোৱা তেওঁ দেশৰ ২১ নম্বৰ মহিলা দবা খেলুৱৈ। বৰ্তমান ফিডত ২৪৬৩ ৰেটিং লাভ কৰিছে।

সময়ক কামত লগোৱাটো ব্লিটজ দবাত এক ডাঙৰ দক্ষতা। বগা গুটিৰে দিব্যাই ৩১ বছৰীয়া চীনা তাৰকা য়িফানৰ বিৰুদ্ধে উদ্বোধনী খেলখনত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। কাৰিকৰী দিশৰ পৰা দিব্যা ভাল স্থানত আছে বুলিও জনায় তেওঁৰ প্ৰশিক্ষক আৰ বি ৰমেশে।