NORTHEAST NOW (Assamese)
Popular Stories

অসম–মণিপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনঃ ৮ ঘণ্টা ধৰি বন্ধ যাতায়ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2025 4:02 pm

বিগত দুদিন ধৰি অবিৰত বৰষুণৰ ফলত ননে জিলাত হোৱা ভূমিস্খলন আৰু খহনীয়াৰ বাবে অসম-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।

বিষয়াসকলে জনোৱা মতে, মণিপুৰৰ জিৰিবাম জিলা সদৰ হৈ ইম্ফলৰ পৰা শিলচৰলৈ সংযোগ কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৮ ঘণ্টা ধৰি যান-বাহনৰ যাতায়ত ব্যাহত হৈ থাকে।

মঙলবাৰে লুৱাংচুম আৰু ৰামচুং গাঁৱৰ একাধিক স্থানত বিশেষকৈ নিউ কাইফুণ্ডাই, আৱাংখুন আৰু মাখুথং দলঙৰ মাজত সংঘটিত হোৱা বৃহৎ ভূমিস্খলন আৰু খহনীয়াৰ পাছত এই সমস্যাই দেখা দিয়ে।

ভূমিস্খলন আৰু বোকা খহনীয়াৰ বাবে শিলচৰৰ পৰা জিৰিবাম ফালৰ পৰা অহা বহু গধুৰ বাহন আৰু ইম্ফলৰ পৰা অসম অভিমুখে যোৱা খালী বাহন পথৰ দুয়োকাষে প্ৰায় ৮ ঘণ্টা ধৰি বন্ধ হৈ পৰে।

চৰকাৰী সূত্ৰ অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৩ বজাত ভূমিস্খলন আৰু খহনীয়াৰ সৃষ্টি হয়।

কিন্তু পথ নিৰ্মাণ আৰু মেৰামতি কোম্পানী এবিচিআই আৰু এনএইচআইডিচিএলৰ মেচিনেৰে পথটো অৱৰোধ কৰি থকা ধ্বংসাৱশেষ আঁতৰাই মঙলবাৰে পুৱা ১১ বজাৰ ভিতৰত পথটো পৰিষ্কাৰ কৰি পেলায়।

সূত্ৰসমূহে আৰু কয় যে প্ৰচণ্ড বৰষুণৰ ফলত নামবুল আৰু ইম্ফল নদীতো ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হোৱাৰ ফলত ইম্ফল পশ্চিম জিলাৰ কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰি জনসাধাৰণক নদীৰ পাৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।