নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

এবাৰ, দুবাৰ নহয় তিনিবাৰকৈ বিয়া পতা এজন পুৰুষৰ লগত পলাল এগৰাকী বোৱাৰী। নগাঁৱৰ কঁচুৱাৰ লুটুমাৰী লংকা গাঁৱত সংঘটিত হৈছে এই আশ্চৰ্যজনক ঘটনা। ২০ জুনত দোকানলৈ যাওঁ বুলি নিজৰ সন্তান লৈ ওলাই গৈছিল বোৱাৰীগৰাকী। কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে বোৱাৰীগৰাকী পলাই গ’ল কঁচুৱাৰ লংজাপ বগলাজানৰ কুকিল হীৰা নামৰ এজন বিবাহিত পুৰুষৰ সৈতে।
তিনিবাৰকৈ বিবাহ পাশত আৱদ্ধ হোৱা কুকিল হীৰাই পশ্চিম কাৰ্বি আংলঙত দেউতাকৰ কৰ্মক্ষেত্ৰত বন বিভাগৰ বিট অফিচত নিজে গৈ ডিউটি কৰি এনেদৰে বোৱাৰী দেখিলেই ফুচুলাই নি বিবাহ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে বোৱাৰীগৰাকীলৈ যোৱাৰ পিছৰেই পৰা স্বামীগৃহত হাহাকাৰ পৰিস্থিতি সন্মুখীন হৈছে।
উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী স্বামীৰ।