সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

দক্ষিণ ৱাজিৰস্তানত পাকিস্তানী সেনাৰ মেজৰ মইজ আব্বাছ শ্বাহ নিহত হৈছে। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ুসেনাৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক বন্দী কৰিছিল পাকিস্তানী সেনাৰ বিষয়া মইজ আব্বাছে।
পাকিস্তানী সন্ত্ৰাসবাদী বিমানৰ অনুপ্ৰৱেশৰ প্ৰত্যুত্তৰ জনাবলৈ গৈ অভিনন্দনৰ যুদ্ধ বিমানখন পাকিস্তানী সীমান্তত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াৰ পিছত পাকিস্তানী সেনাই তেওঁক বন্দী কৰে। ইতিমধ্যে মইজ আব্বাছৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে পাকিস্তানী সংবাদ মাধ্যমে।
পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে দক্ষিণ ৱাজিৰস্তানত তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে হোৱা সংঘৰ্ষত মেজৰ মইজ আব্বাছ নিহত হয়। দক্ষিণ ৱাজিৰস্তানৰ সৰগোধা খুৰৰামত টিটিপিয়ে পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত মেজৰ মইজ আব্বাছকে ধৰি পাকিস্তানী সেনাৰ দুজন বিষয়াই প্ৰাণ হেৰুৱায়।
উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মইজ আব্বাছৰ নাম বাতৰিৰ শিৰোনামালৈ আহিছিল। সেই সময়ত ভাৰতীয় পাইলট অভিনন্দনক বন্দী কৰা প্ৰথমজন পাকিস্তানী বিষয়া বুলি দাবী কৰা হৈছিল। পিছত মইজ আব্বাছে কেইবাটাও সাক্ষাৎকাৰ দি অভিনন্দনৰ সৈতে হোৱা মুখামুখিৰ পৰিস্থিতিৰ বিষয়ে স্পষ্ট কৰিছিল।
মইজ আব্বাছৰ মৃত্যুৰ বাতৰি পাকিস্তানৰ সংবাদ মাধ্যম আৰু নিউজ চেনেলসমূহে প্ৰকাশ কৰিছে। মঙলবাৰে পাকিস্তানী সেনাই মইজ আব্বাছৰ মৃত্যুৰ কথা নিশ্চিত কৰে।
আৰব নিউজৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তানী সেনাৰ মিডিয়া উইং আই এছ পি আৰ এ এক বিবৃতিত কয় যে আফগানিস্তানৰ সীমান্তৱৰ্তী দক্ষিণ ৱাজিৰিস্তান জিলা খাইবাৰ পখতুনখোৱাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা হৈছে। পাকিস্তানী সেনাই ইয়াক ভাৰতৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ বুলি অভিহিত কৰিছে।
অৱশ্যে বিশ্বই জানে যে পাকিস্তানে তালিবানক কেনেদৰে সুৰক্ষা দিছিল। তথাপিও তালিবানৰ একেটা পাকিস্তানী শাখাই এতিয়া পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।