NORTHEAST NOW (Assamese)
অসম

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 1, 2025 8:04 am

এতিয়াৰ পৰা মেঘালয়ৰ পূব খাছি পাহাৰ জিলাত ট্ৰেকিং কৰাৰ সময়ত পৰ্যটকৰ বাবে গাইড নিয়োগ কৰাটো বাধ্যতামূলক। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাৰ পিছত পৰ্যটকৰ সুৰক্ষাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি জিলা পৰ্যটন উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু উপায়ুক্তই জানিবলৈ দিয়ে।

মেঘালয়ত হানিমুনলৈ গৈ হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণমক প্ৰথমে সন্ধানহীন বুলি সন্দেহ কৰা হৈছিল। পিছত গম পোৱা যায় যে পূব খাছি পাহাৰ জিলাৰ ৱেই সাওডং জলপ্ৰপাতৰ কাষতে থকা এখন জনশূন্য পাৰ্কিং লটত সোণমে নিজৰ স্বামীক হত্যা কৰিছিল। পিছত তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মেঘালয়ত সোণম আৰু ৰাজাৰ পিছে পিছে প্ৰেমিক আৰু ভাড়াতীয়া হত্যাকাৰীও আহিছিল। ষড়যন্ত্ৰ সফল কৰিবলৈ সোণমে ট্ৰেকিঙৰ সময়ত কোনো ধৰণৰ গাইড ল’ব বিচৰা নাছিল। ইয়াৰ পিছত ৰাজাক নিৰ্জন স্থানলৈ লৈ গৈ ঘপিয়াই কৰি হত্যা কৰা হয়।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত বিভিন্ন চৰ্চা আৰম্ভ হয়। কোনো কোনোৱে দাবী কৰিছিল যে সমগ্ৰ মেঘালয় আনকি উত্তৰ-পূব ভাৰতো ‘অসুৰক্ষিত’। এই ভাবমূর্তি পর্যটন নির্ভৰশীল অর্থনীতিৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷

চেৰাপুঞ্জী (চোহৰা)ৰ বিভিন্ন ৰিজ’ৰ্টৰ মালিকসকলে জনোৱা মতে, বহু পৰ্যটকে বাৰে বাৰে তেওঁলোকক ৰাতি বাহিৰলৈ ওলাই যোৱাটো নিৰাপদ নে গাড়ীৰে অকলে যাতায়ত কৰাটো সঠিক নে বুলি সোধে। আনকি কেইবাজনো পৰ্যটকে বুকিং বাতিল কৰে।

এগৰাকী ৰিজ’ৰ্টৰ মালিকে সংবাদ মাধ্যমৰ আগত কয়, “ৰাজা ৰঘুবংশী কাণ্ডৰ পিছত একাংশ পৰ্যটকে বুকিং বাতিল কৰিছিল। আন বহুতে ফোন কৰি ইয়ালৈ অহাটো নিৰাপদনে সুধিছিল। আমি তেওঁলোকক বাৰে বাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছো যে ইয়াৰ পৰিৱেশ সম্পূৰ্ণ নিৰাপদ। অৱশ্যে এই ঘটনাই পৰ্যটকৰ মনত ভয়ৰ সৃষ্টি কৰিছে।”

এই পৰিপ্ৰেক্ষিতত প্ৰশাসনে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা কোনো পৰ্যটকক গাইড অবিহনে অনুমোদিত ট্ৰেকিং পথত যাবলৈ দিয়া নহ’ব। প্ৰশাসনৰ মতে, ইয়াৰ দ্বাৰা পৰ্যটকৰ সুৰক্ষা নিশ্চিত হোৱাই নহয়, পৰ্যটন খণ্ডতো দায়িত্বশীলতা বৃদ্ধি পাব।