NORTHEAST NOW (Assamese)
Popular Stories

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 1, 2025 6:46 pm

চলিত বৰ্ষৰ শেষত পুনৰ প্ৰকাশ পাব ADREৰ বিজ্ঞাপন। নৱেম্বৰ-ডিচেম্বৰত প্ৰকাশ পাব ADREৰ বিজ্ঞাপন।

জানিব পৰা মতে অহা বৰ্ষত অনুষ্ঠিত হব Assam Direct Recruitment Examination।

উল্লেখ্য যে, ১০ অক্টোবৰত সম্পন্ন হব পূৰ্বৰ ADREৰ নিযুক্তি প্ৰক্ৰিয়া। নিযুক্তিপত্ৰ লাভ কৰিব প্ৰায় ৫০হাজাৰ নিবনুৱাই। বিগত বৰ্ষত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা।

ইপিনে প্ৰতিবছৰে অনুষ্ঠিত হব Assam Direct Recruitment Examination। এই কথা ইতিমধ্যে জনালে মুখ্যমন্ত্ৰী ডহিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। নিয়মীয়া হব ২০১৩ চনৰ পূৰ্বৰ পৌৰ কৰ্মচাৰীৰ চাকৰি। পৌৰসভাই লব লাগিব ২০১৩ আগৰ কৰ্মচাৰীৰ চাকৰিৰ দায়িত্ব। বোকাখাতত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।