NORTHEAST NOW (Assamese)
অসম

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 5, 2025 1:36 pm

এজন ২৮ বছৰীয়া যুৱক লিংগ সংক্ৰমণত আক্ৰান্ত হৈছিল। চিকিৎসালয়লৈ যোৱাৰ পিছত চিকিৎসকসকলে তেওঁক বায়’প্সি কৰিবলৈ কয়। কিন্তু পিছত অসমৰ শিলচৰত চিকিৎসাৰ বাবে যাওঁতে যুৱকজনে আৱিষ্কাৰ কৰিলে যে ডাক্তৰে তেওঁৰ গোটেই লিংগটো কাটি পেলাইছে।

ইতিমধ্যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে আৰু বিষয়টোৰ তদন্তৰ দাবী জনাইছে। আৰক্ষীৰ ওচৰতো এজাহাৰ দাখিল কৰিছে।

মণিপুৰৰ জিৰিবাম জিলাৰ বাসিন্দা আতিকাৰ ৰহমান নামৰ যুৱকজনে সংবাদ মাধ্যমৰ আগত কয়, “১৯ জুনত মই লিংগ সংক্ৰমণৰ চিকিৎসাৰ বাবে শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ গৈছিলো। ডাক্তৰে মোক বায়’প্সি কৰিবলৈ পৰামৰ্শ দিছিল। আৰু বায়’প্সি কৰি থাকোঁতে মোৰ অনুমতি নোলোৱাকৈয়ে লিংগটো আঁতৰাই পেলাইছিল। অস্ত্ৰোপচাৰৰ পিছত মোৰ চেতনা ঘূৰি অহাৰ লগে লগে মই আৱিষ্কাৰ কৰিলোঁ যে মোৰ পুৰুষাংগটো আঁতৰাই পেলোৱা হৈছে। যেতিয়া মই ডাক্তৰক এই বিষয়ে সুধিলোঁ, তেতিয়া তেওঁ সন্তোষজনক উত্তৰ দিব নোৱাৰিলে।”

এই পৰিস্থিতিত তেওঁ ভাঙি পৰি তেওঁ কয়, “মই অসহায়। এতিয়া কি কৰিম নাজানো। মোৰ জীৱন শেষ। মই বাৰে বাৰে ডাক্তৰৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো। তেওঁ আৰু ফোন ৰিচিভ কৰা নাই। মই মানসিক হতাশাত ভুগিছো। ইফালে, অস্ত্ৰোপচাৰৰ পিছত মোৰ শাৰীৰিক সমস্যাও হৈছে।”

সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে যেতিয়া চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল, তেতিয়া কোনেও এই বিষয়ত মুখ মেলিব বিচৰা নাছিল। মুঠতে এই ঘটনাক লৈ ক্ৰমান্বয়ে বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।

প্ৰশ্ন উত্থাপন হৈছে যে ৰুটিন বায়’প্সি কৰি থাকোঁতে এই ঘটনা কেনেকৈ সংঘটিত হ’ল। আৰু সেই ক্ষেত্ৰত চিকিৎসালয়খনে কিয় দায়িত্বৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে?