NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

Posted by: নৰ্থ-ইষ্ট নাও , গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও , গুৱাহাটী July 9, 2025 8:25 am

আমেৰিকাৰ টেক্সাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা অহৰহ বৃদ্ধি পাইছে। বিষয়াসকলে নিশ্চিত কৰিছে যে সমগ্ৰ ৰাজ্যতে কমেও ১০৭ জন লোকৰ মৃত্যু হৈছে আৰু কেইবা ডজন লোক নিৰুদ্দেশ হৈছে।

কেৰ কাউন্টিৰ শ্বেৰিফ লেৰী লিথাই জনোৱা মতে, ৮৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ৫৬ জন প্ৰাপ্তবয়স্ক আৰু ৩১ জন শিশু।

কেৰ কাউন্টিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে যদিও টেক্সাছৰ আন আন কাউন্টিতো লোকৰ মৃত্যু হৈছে আৰু ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা কমেও ১০৭ জনলৈ বৃদ্ধি পাইছে।

একাংশ মৃতদেহ আত্মীয়ক গতাই দিয়া হৈছে। একে সময়তে ১৯ জন প্ৰাপ্তবয়স্ক আৰু ৭ টা শিশুৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই।

একে সময়তে কেৰৰ কেৰভিল আৰক্ষী বিভাগৰ জনাথন লেম্বে কয় যে নিৰাপত্তাজনিত কাৰণত কিছুমান পথ বন্ধ কৰা হৈছে। তেওঁ স্থানীয় ৰাইজক অপ্ৰয়োজনীয়ভাৱে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে।বিষয়াসকলে জনোৱা মতে, অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।