NORTHEAST NOW (Assamese)
অসম

আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ১৫ জুনত অসম পাবহি ৫০ টা অতিৰিক্ত কেন্দ্রীয় নিৰাপত্তাৰক্ষী বাহিনীৰ কোম্পানী

Posted by: এন ই নাও নিউজ June 5, 2018 1:09 pm

ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৩০ জুনত প্রকাশৰ পাছত ৰাজ্যত হ’ব পৰা যিকোনো আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে অহা ১৫ জুনত অসম পাবহি ৫০ টা অতিৰিক্ত কেন্দ্রীয় নিৰাপত্তাৰক্ষী বাহিনীৰ কোম্পানী।

উল্লেখযোগ্য যে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত হিংসাত্মক ঘটনা সংঘটিত হ’ব পৰাৰ সম্ভাৱনা থকা স্পর্শকাতৰ অঞ্চল হিচাপে চিনাক্ত কৰা ১৫টা স্থানত উক্ত কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ এটাকৈ কোম্পানী নিয়োগ কৰা হ’ব।

ইফালে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত ৰাজ্যৰ কেইবাটাও হিন্দু বাঙালী প্রধান এলেকাত এই সম্প্রদায়ৰ ওপৰত আক্রমণ সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাই৷ ফলত এই এলেকা বিলাকৰ স্থানীয় ৰাইজ স্বাভিৱকতে শংকিত হৈ পৰিছে। আনকি তেওঁলোকে গৃহ বিভাগৰ ওচৰত নিৰাপত্তা বিচাৰি আবেদন কৰিছে বুলিও জানিব পৰা গৈছে।

ইতিমধ্যে অতি স্পর্শকাতৰ আৰু স্পর্শকাতৰ এলেকা হিচাপে দৰঙৰ খাৰুপেটীয়া আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰী, স্পর্শকাতৰ এলেকা হিচাপে কামৰূপ (গ্রাম্য) জিলাৰ চমৰীয়াৰ কাঁহিকুছি, গৰৈমাৰী বজাৰ, নগাঁও জিলাৰ ধিং টাউন, যমুনামুখ, গোৰাজান, ডবকা টাউন, দৰং জিলাৰ ধূলা, দলগাঁও, বৰপেটা জিলাৰ বাঘবৰ, জনিয়া, বাক্সা জিলাৰ তুলসীবাৰী, দ্বাৰকুছিক চিনাক্ত কৰা হৈছে৷

অৱশ্যে অসম আৰক্ষীয়ে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থকা বুলি অতিৰিক্ত সঞ্চালকপ্রধান পল্লৱ ভট্টাচার্যই জানিবলৈ দিয়ে। লগতে তেওঁ আৰক্ষীক জিলাই জিলাই আখৰা কৰি সাজু কৰি তোলা বুলিও মন্তব্য কৰে।