NORTHEAST NOW (Assamese)
অসম

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 16, 2025 4:15 pm

ম্যানমাৰৰ আলফা (স্বা) শিবিৰত হোৱা আক্রমণৰ খবৰে অসমৰ ৰাইজৰ লগতে ছাত্র সস্থাকো উদ্বিগ্ন কৰিছে। আলফাৰ সৈতে লক্ষ্য আৰু পন্থা একে নহ’লেও অসমীয়া সন্তানৰ মৃত্যুৰ বাতবিয়ে ছাত্র সন্থাক মর্মাহত কৰিছে, সন্থাই শোক প্রকাশ কৰিছে।

ছাত্র সন্থাই দীর্ঘদিন ধৰি আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা কৰি আহিছে। আলোচনাৰ পৰিবেশ গঢ় দিয়াৰ বাবে উভয় পক্ষকে আহ্বান জনাই আহিছে। অসমৰ ৰাইজে শান্তিৰ পৰিবেশ বিচাৰে। তেনে প্রেক্ষাপটত আলফাৰ (স্বা) শিবিবত এনে অতর্কিত আক্রমণে সকলোকে চিন্তিত কৰি তুলিছে।

এনে আক্রমণে শান্তি আলোচনাৰ পথত হেঙাৰ সৃষ্টি কৰিব পাৰে আৰু সেয়া অসমৰ ৰাইজ, ছাত্র সন্থাৰ কাম্য নহয়।

কেন্দ্রীয় চৰকাৰক নিৰৱচ্ছিন্ন প্রচেষ্টাৰে আলফাৰ (স্বা) সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া হৰান্বিত কৰিবলৈ ছাত্র সন্থাই দাবী জনাইছে।

সন্মানজনক পৰিবেশত এই আলোচনা অনুষ্ঠিত হোৱাত উদ্যোগ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ সন্থাই আহ্বান জনাইছে।