NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

অমিতাভ বচ্চনৰ ‘ডন’ ছবিৰ পৰিচালক চন্দ্ৰ বাৰতৰ দেহাৱসান

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 20, 2025 6:30 pm

অমিতাভ বচ্চনৰ অন্যতম জনপ্ৰিয় আৰু সফল ছবি ‘ডনৰ পৰিচালক চন্দ্ৰ বাৰতে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে।

দেওবাৰে পুৱা প্ৰায় ৭ বজাত বান্দ্ৰাৰ গুৰু নানক মাল্টি স্পেচিয়েলিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৮৬ বছৰীয়া চন্দ্ৰই।

চিকিৎসালয়খনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়, “চন্দ্ৰ বৰদক দহ দিন পূৰ্বে অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। সেই সময়ত তেওঁ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল, তেওঁৰ ৰক্তচাপও স্বাভাৱিকতকৈ বহু কম আছিল।”

জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কয় যে চন্দ্ৰ বাৰতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত কিছুদিনৰ ভিতৰতে তেওঁক আই চি ইউত ভৰ্তি কৰা হয় যদিও তেওঁক বচাবলৈ কৰা সকলো প্ৰচেষ্টা অসাৰ বুলি প্ৰমাণিত হয়। দেওবাৰে পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯৭৮ চনৰ ছুপাৰহিট ছবি ‘ডনত অমিতাভ বচ্চন, জিনাত অমন আৰু প্ৰাণে অভিনয় কৰিছিল।

ইয়াৰ আগতে চন্দ্ৰ বাৰত সহকাৰী পৰিচালক আছিল। তেখেতে ‘পুৰব ঔৰ পাছিম (১৯৭০), ‘যদগড় (১৯৭০), ‘শ্বোৰ (১৯৭২), ‘ৰুটি কাপড়া আৰু মকান (১৯৭৪) আদি ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।২০০৬ চনত জাভেদ আখতাৰৰ পুত্ৰ ফাৰহান আখতাৰে একে নামেৰে ‘ডন’ নামৰ ছবিখনৰ পুনৰ্নিৰ্মাণ কৰিছিল। ইয়াত শ্বাহৰুখ খানে অমিতাভ বচ্চনৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল।