NORTHEAST NOW (Assamese)
Popular Stories

ছবিৰ পৰা মাৰ্চিডিজলৈ– ধনখড়ৰ বিভিন্ন দাবীক লৈ আৰম্ভ হোৱা সংঘাতৰ পদত্যাগেৰে পৰিছিল অন্ত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2025 6:15 pm

সামজিক মাধ্যম বা আন কোনো ক্ষেত্ৰৰ ব্যক্তি নিশ্চিত যে প্রাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ হঠাৎ পদত্যাগ কেৱল এদিনীয়া ঘটনা নহয়, বা ইয়াৰ কাৰণ কেৱল তেওঁৰ হঠাৎ অসুস্থতা নহয়, বৰঞ্চ বহুদিন ধৰি গঢ় লৈ উঠা কিছু উত্তেজনা৷ জাতীয় ৰাজনীতিত এটা ধাৰা আছে যে এই বিভাজন পুৰণি সংঘাতৰ পৰাই উদ্ভৱ হৈছে।

জনা যায় যে, চৰকাৰৰ পৰা তেওঁৰ দূৰত্ব একাধিক দাবীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ছবিৰ কাষত তেওঁৰ ছবিখন ৰখাৰ পৰা আৰম্ভ কৰি মাৰ্চিডিজ গাড়ী কিনালৈকে। অৱশেষত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগনামা প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্তই হয়তো অৱশেষত এই সিদ্ধান্ত লোৱাৰ প্ৰেক্ষাপট গঠন কৰিছিল।

খবৰ অনুসৰি বিৰোধীয়ে অনা ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ ধনখড়ক মানি নলবলৈ তিনিবাৰকৈ চৰকাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কাৰণ ন্যায়াধীশৰ ঘৰৰ পৰা ইতিমধ্যে বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছিল। কিন্তু গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ধনখড়ে বিৰোধী সাংসদসকলৰ স্বাক্ষৰ গ্ৰহণ কৰি প্ৰস্তাৱ মানি লম বুলি কয়। এইটোৱেই শেষত অসন্তুষ্টি বিয়পাই দিয়ে।

জানিব পৰা মতে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, আইন মন্ত্ৰী অৰ্জুন মেঘৱাল আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডায়ো তিনিবাৰকৈ ধনখড়ক সাক্ষাৎ কৰে। অভিযোগনামাৰ প্ৰস্তাৱ একপক্ষীয় সিদ্ধান্ত নহয়, চৰকাৰকে ধৰি শাসকীয় দল আৰু বিৰোধী উভয়ৰে যৌথ সিদ্ধান্ত হব লাগে বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। কিন্তু ধনখড়ে সেই কথাত সন্মতি নিদিলে।

আনকি সংসদীয় অধিৱেশন আৰম্ভ হোৱাৰ চাৰি-পাঁচ দিন পূর্বে ৰিজিজুৱে তেওঁক অৱগত কৰিছিল যে শাসকীয় পক্ষইও লোকসভাত অভিযোগনামা প্রস্তাৱ আনিব৷ পৰিকল্পনা কৰা হৈছিল যে ইয়াক ৰাজ্যসভাতো উপস্থাপন কৰা হব। কিন্তু চৰকাৰৰ পৰা বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো ধনকাৰে বিৰোধীৰ স্বাক্ষৰেৰে এই প্রস্তাৱ দাখিল কৰে৷

কিন্তু এই অভিযোগনামা বিতৰ্কৰ বাহিৰেও আন বিভিন্ন বিষয়ক লৈ ধনখড়ৰ পৰা আঁতৰি চৰকাৰখন চলি আহিছিল। সূত্ৰ অনুসৰি তেওঁ বিচাৰিছিল যে তেওঁৰ ছবিখন সকলো মন্ত্ৰীৰ কাৰ্যালয়ত, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ছবিৰ কাষত প্ৰদৰ্শিত হওক। গাড়ীৰ বহৰৰ ঠাইত মাৰ্চিডিজ বেঞ্জ ব্যৱহাৰ। লগতে যেতিয়া আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স-এ ভাৰত ভ্ৰমণ কৰিব তেতিয়া তেওঁৰ সৈতে মূল বৈঠক অনুষ্ঠিত কৰা উচিত।

এই শেষৰ দাবীৰ সন্দৰ্ভত এবাৰ কেবিনেটৰ এজন শীৰ্ষ মন্ত্ৰীয়ে তেওঁক পতিয়ন নিয়াইছিল যে জে ডি ভেন্সে প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা বাৰ্তা আনিছিল, গতিকে তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব।

অভিযোগনামা প্রস্তাৱক লৈ চৰকাৰৰ আপত্তি থকাৰ মাজতে ধনখড়ে গোপনে কংগ্রেছৰ এজন জ্যেষ্ঠ নেতাৰ সৈতে সাক্ষাৎ কৰে৷ তাৰ পিছত বিৰোধীৰ পৰা স্বাক্ষৰ সংগ্ৰহৰ বিষয়টো চূড়ান্ত হল। সোমবাৰে পুৱা স্পষ্ট হৈ পৰিল যে ধনখড়ে বিৰোধীৰ স্বাক্ষৰ গ্ৰহণ কৰিছে আৰু সেইদিনা ৰাজ্যসভাত এই প্ৰস্তাৱ দাখিল কৰিব।

এই পৰিপ্ৰেক্ষিততেই সোমবাৰে হঠাৎ ধনখড়ে ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। প্ৰায় ২৫ মিনিট অপেক্ষা কৰাৰ পাছত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ আশা কৰিছিল যে, চৰকাৰে হয়তো তেওঁক ঘূৰাই আনিবলৈ চেষ্টা কৰিব বা পদত্যাগ মানি নলব । কিন্তু মঙলবাৰে পুৱালৈকে তেনে কোনো উদ্যোগ লোৱা নহল।

ঘটনাৰ পাছতে গৃহমন্ত্ৰীকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি ধনখড়ৰ এই আচৰণত গভীৰ হতাশা প্ৰকাশ কৰে মোদীয়ে। কাৰণ ২০২২ চনত ধনখড় এন ডি এৰ প্ৰাৰ্থী হিচাপে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।

এই পদত্যাগত স্পষ্ট হৈ পৰিল যে চৰকাৰ আৰু ধনখড়ৰ মাজৰ সম্পৰ্ক এৰাতিতে ভাঙি যোৱা নাছিল, বৰঞ্চ দীৰ্ঘদিনীয়া বিভাজনৰ ফলতহে এই ঘটনা সংঘটিত হৈছিল।