NORTHEAST NOW (Assamese)
অসম

পিতৃক গুৰুলাগুৰুলকৈ প্ৰহাৰ পুত্ৰৰ : ভাইৰেল যোৰহাটৰ নৃশংস কাণ্ডৰ ভিডিঅ’

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 28, 2025 3:50 pm

যোৰহাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজ পিতৃক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে গোবিন বৰা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে।

জানিব পৰা মতে, পুত্ৰ গোবিন বৰাৰ আক্ৰমণত শৰীৰ হাড় ভাঙি গৈছে পিতৃ নৰেন বৰাৰ।

ইতিমধ্যে নিজৰ পিতৃক নৃশংসভাৱে আক্ৰমণ কৰাৰ এই ঘটনাৰ ভিডিঅ ভাইৰেল হৈ পৰিছে আৰু ৰাজ্যজুৰি ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

খবৰ অনুসৰি মদ্যপায়ী গোবিনে মদ্যপান কৰি পিতৃৰ লগতে মাতৃ আৰু পত্নীকো কাঠৰ টুকুৰাৰে প্ৰহাৰ কৰিছিল।

চুবুৰীয়াই জনোৱা মতে, যোৰহাট চহৰৰ মালৌ আলিৰ বাসিন্দআ গোবিন বৰাই মদ্যপান কৰি প্ৰায়েই পৰিয়ালৰ লোক আৰু ওচৰ চুবুৰীয়াৰ লগত কাজিয়াত লিপ্ত হৈছিল।

গোবিনৰ মাতৃয়ে কয়, ‘মদ খালে সি আতংকৰ সৃষ্টি কৰে। সি মোক মাৰপিট কৰে আৰু তাৰ পত্নীকো আক্ৰমণ কৰে। আজি মই যেতিয়া সি পত্নীক মাৰপিট কৰাত বাধা দিবলৈ চেষ্টা কৰিছিলো তেতিয়া মোক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। মই পলাই গৈছিলো। কিন্তু যেতিয়া মোৰ স্বামীয়ে তাক বাধা দিছিল তেতিয়া সি কাঠৰ টুকুৰাৰ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল।খবৰ অনুসৰি গাঁও ৰক্ষী বাহিনীৰ দলে গোবিনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিছে।