NORTHEAST NOW (Assamese)
অসম

বহনক্ষম উন্নয়নৰ আন্তঃগাঁথনি : বৰপেটাত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 28, 2025 7:08 pm

বৰপেটা জিলাত দেখিবলৈ পোৱা গৈছে আধুনিক বহনক্ষম উন্নয়নৰ উদাহৰণ। বৰপেটাত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে পেলনীয়া প্লাষ্টিকৰ পথ। পেলনীয়া প্লাষ্টিকক বিশেষ পদ্ধতিৰ দ্বাৰা সংশোধন কৰি নিৰ্মাণ কৰা হৈছে জিলাখনৰ প্ৰথমটো প্লাষ্টিক-বিটুমিন পথ।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই প্ৰকল্পটোৰ কথা।

জানিব পৰা মতে, প্ৰায় ১.৮ টন পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনা ব্যৱহাৰ কৰি বৰপেটাৰ বগোদী গ্ৰাম পঞ্চায়ত অঞ্চলৰ এটা সম্পূৰ্ণ পথ স্থাপন কৰা হৈছে।

এই পদক্ষেপৰ লক্ষ্য হৈছে অজৈৱ প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰা আৰু গ্ৰাম্য পথৰ মান উন্নত কৰা। আৱৰ্জনাক সম্পদলৈ পৰিণত কৰাৰ উদ্দেশ্যেৰেই নিৰ্মাণ কৰা হৈছে এই পথটো।

এই পথ নিৰ্মাণ সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে –  “পথত প্লাষ্টিক ❌।” প্লাষ্টিকৰ পথ ✅   (Plastic on the roads ❌ Plastic roads ✅)

উল্লেখ্য যে ভাৰতৰ আন আন ৰাজ্য যেনে তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্লাষ্টিক-বিটুমিন পথ নিৰ্মাণ কৰা হৈছে যদিও অসমত এইটোৱেই প্লাষ্টিক-বিটুমিনেৰে নিৰ্মাণ কৰা প্ৰথমটো সম্পূৰ্ণ পথ।