NORTHEAST NOW (Assamese)
অসম

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2025 3:31 pm

আমেৰিকাৰ কোটিপতি ইলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা টেছলাক প্ৰায় ২৪৩ মিলিয়ন ডলাৰ ক্ষতিপূৰণ দিবলৈ আদালতে নিৰ্দেশ দিছে। আমেৰিকাৰ ফ্ল’ৰিডাৰ এক জুৰীয়ে শুকুৰবাৰে টেছলাক জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়ে।

২০১৯ চনত এক মাৰাত্মক দুৰ্ঘটনাৰ বাবে কোম্পানীটোৰ ‘অটোপাইলট’ চালক সহায়ক প্ৰযুক্তিক দোষাৰোপ কৰি দাখিল কৰা গোচৰত আদালতে এই নিৰ্দেশ দিয়ে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভুক্তভোগীৰ পৰিয়ালৰ হৈ গোচৰ চলোৱা অধিবক্তা ডাৰেন জেফ্ৰি ৰুছ’ৰ মতে জুৰীয়ে টেছলাৰ ব্যৱস্থাটোক কী লাৰ্গোত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে আংশিকভাৱে দায়ী বুলি বিবেচনা কৰে, য’ত নিবেল বেনাভিডেছ লিঅ’নৰ মৃত্যু হয় আৰু তেওঁৰ প্ৰেমিক ডিলন এংগুলো আহত হয়।

অভিযোগকাৰীসকলে অভিযোগ কৰে যে চালক জৰ্জ মেকগিৰ টেছলা গাড়ীখনে চেভ্ৰলেট স্প’ৰ্ট ইউটিলিটি বাহনৰ সৈতে খুন্দা মৰাৰ ফলত লিঅ’নৰ মৃত্যু হোৱাৰ লগতে এংগুলো আহত হয়।

আদালতৰ নথি অনুসৰি জুৰীয়ে ২০০ মিলিয়ন ডলাৰ শাস্তিমূলক ক্ষতিপূৰণ, লিঅ’নৰ পৰিয়ালক ৫৯ মিলিয়ন ডলাৰ আৰু এংগুলোক ৭ মিলিয়ন ডলাৰ প্ৰদানৰ নিৰ্দেশ দিয়ে।

ৰুছ’ই কয় যে ক্ষতিপূৰণ সামান্য হ্ৰাস পাব কাৰণ জুৰীয়ে টেছলাক এক তৃতীয়াংশ দায়ী বুলি বিবেচনা কৰিছে। এই হ্ৰাসৰ পিছত জুৰীৰ ৰায়ৰ মুঠ আৰ্থিক প্ৰভাৱ হ’ব ২৪২.৫ মিলিয়ন ডলাৰ।

ৰুছ’ই লগতে কয় যে ৰায়টোত ন্যায় প্ৰদান কৰা হৈছে। জুৰীয়ে সকলো প্ৰমাণ শুনি আমাৰ ক্লায়েণ্টৰ সপক্ষে ন্যায্য আৰু ন্যায়সংগত ৰায়দানত উপনীত হয়। টেছলাৰ অধিবক্তাই জুৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব বুলি কয়।

টেছলাই নিজৰ আইনী টীমৰ জৰিয়তে কয় যে, “আজিৰ ৰায়দান ভুল আৰু ই কেৱল বাহনৰ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব আৰু টেছলা আৰু সমগ্ৰ উদ্যোগটোৰ জীৱন ৰক্ষাকাৰী প্ৰযুক্তি বিকশিত আৰু ৰূপায়ণৰ প্ৰচেষ্টাক বিপন্ন কৰিব।”

টেছলাই কয়, ‘প্ৰমাণে ধাৰাবাহিকভাৱে দেখুৱাইছিল যে এই দুৰ্ঘটনাৰ বাবে চালকজনেই একমাত্ৰ দায়ী। তেওঁ তীব্ৰ বেগেৰে গৈ এক্সিলেটৰত ভৰি দিছিল, যাৰ ফলত অটোপাইলট নিষ্ক্ৰিয় হৈ পৰিছিল। তেওঁ ৰাস্তালৈ নাচাই নিজৰ পৰি যোৱা ফোনটো বিচাৰি আছিল। স্পষ্ট কৰি ক’বলৈ গ’লে ২০১৯ চনৰ কোনো গাড়ী বা বৰ্তমানৰ কোনো গাড়ীয়েই এই দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলেহেঁতেন। এইটো কোনপধ্যেই অটোপাইলটৰ ইচ্ছ্যু নাছিল।