NORTHEAST NOW (Assamese)
Popular Stories

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2025 8:35 pm

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পুনৰ প্ৰবঞ্চনা কৰা বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৬ জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে যি মায়াজাল সৃষ্টি কৰিছে সেয়া যথেষ্ট পৰিতাপৰ কথা বুলি উল্লেখ কৰি আজি এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰজলীনা তিৰ্কীয়ে কয় যে ৰাজ্যখনত মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰিম বুলি বাৰে বাৰে ঠগন দি আহিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ থলুৱা জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি কোনো দায়বদ্ধতা নাই বুলি উল্লেখ কৰি ৰজলীনা তিৰ্কীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ অভিকেন্দ্ৰ। তেওঁলোকে জাতীয় সমস্যাসমূহ সমাধান নকৰি অসমত এক ভূমিকম্প হৈ থকাটো বিচাৰে। ইফালে, সংবাদমেলত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে কয় যে লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে সদনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি কি জানিব বিচাৰোঁতে গোমৰ ফাঁক ওলাই পৰিল। গগৈয়ে কয় যে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উকিয়ে কংগ্ৰেছৰ সাংসদ দুজনৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গঠন কৰা দুখনকৈ মন্ত্ৰীগোটৰ প্ৰতিবেদনেই কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই বুলি উল্লেখ কৰে।

২০২৪ চনৰ ৪ জুলাই আৰু ২০২৫ চনৰ মাৰ্চ মাহত গঠন কৰা মন্ত্ৰীগোটে ইচ্ছাকৃতভাৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দাখিল কৰিবলগীয়া পৰামৰ্শাৱলীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। গগৈয়ে কয় যে বিজেপি চৰকাৰৰ এইক্ষেত্ৰত কোনো আন্তৰিকতা নাই। কংগ্ৰেছ চৰকাৰে ১৯৯৬ চনতে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তত্ত্বাৱধানত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰক্ৰিয়াটো আগুৱাই নিছিল যদিও পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে এইক্ষেত্ৰত কোনো আন্তৰিক প্ৰচেষ্টা নেদেখুৱালে। এয়া  গৰিহণাৰ যোগ্য বুলি তেওঁ উল্লেখ কৰে।

ইফালে, সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বিজেপি চৰকাৰখন বাহিৰত ৰং-চং ভিতৰি কোৱাভাতুৰীৰ দৰে। মিছা প্ৰতিশ্ৰুতি আৰু আভুৱা-ভাঁৰা শ্লগানেৰে এই চৰকাৰখনে সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি আহিছে। অসম চুক্তিৰ আধাৰত অসমত থলুৱা খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰখনে ন্যায়াধীশ বিপ্লৱ শৰ্মাক লৈ এখন প্ৰতিবেদন কমিটী গঠন কৰিছিল আৰু চাৰি বছৰ পূৰ্বে বিপ্লৱ শৰ্মাই এই প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ দুবছৰৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল, যত নেকি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন হৈছিল। কিন্তু এই চৰকাৰখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰাৰ সাহস কৰিব নোৱাৰিলে। বৰাই সৎ সাহস থাকিলে হিমন্ত বিশ্ব শৰ্মাক বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ বাবেও প্ৰত্যাহ্বান জনায়।