NORTHEAST NOW (Assamese)
Popular Stories

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2025 7:19 pm

পাকিস্তানে আমেৰিকাৰ শত্ৰু দেশ ইৰাণৰ সৈতে ১২ খন কৈ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক বাণিজ্য ৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পাকিস্তানৰ এই পদক্ষেপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধি কৰা দেশসমূহক প্ৰদান কৰা ভাবুকিক আসাৰ প্ৰতিপন্ন কৰিলে।

প্ৰাপ্ত তথ্য অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ পাকিস্তান ভ্ৰমণৰ সময়ত দেওবাৰে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ ৩ বিলিয়ন ডলাৰৰ পৰা ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। পাকিস্তানৰ বাণিজ্য মন্ত্ৰী জাম কমল খান আৰু ইৰাণৰ উদ্যোগ, খনি আৰু বাণিজ্য মন্ত্ৰী মহম্মদ আতাবাকৰ উপস্থিতিত এই চুক্তিসমূহ সম্পন্ন হয়।

 ইৰাণৰ ৰাষ্ট্ৰপতিয়ে সংবাদমেলত সম্বোধন কৰি কয় যে, “অতি কম সময়ৰ ভিতৰতে আমি দুয়োখন দেশৰ বাণিজ্য ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰিম। তেওঁ ইজৰাইলৰ সৈতে ১২ দিনীয়া যুদ্ধৰ সময়ত পাকিস্তানৰ সমৰ্থনৰ বাবেও ধন্যবাদ জনায়। পাকিস্তানৰ বাণিজ্য মন্ত্ৰীয়ে কয় যে এই চুক্তিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে আগন্তুক বছৰত বাণিজ্য ৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। তেওঁ আশাবাদী যে দুয়োখন দেশৰ দীঘলীয়া সীমান্তই বাণিজ্যত সময় আৰু খৰচত ৰাহি কৰিব।

উল্লেখ্য যে এই পদক্ষেপ আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্কত নতুন জটিলতাৰ সৃষ্টি কৰিব পাৰে। ট্ৰাম্পে পূৰ্বে ৰাছিয়া, চীন আৰু ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল। শেহতীয়াকৈ আমেৰিকাই পাকিস্তানৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰ কৰি শুল্ক কমোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইৰাণৰ সৈতে পাকিস্তানৰ এই নতুন চুক্তিয়ে ট্ৰাম্পৰ প্ৰতিক্ৰিয়া কি হ’ব এইলৈ কৌতূহলৰ সৃষ্টি হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই চুক্তিসমূহে খনিজ সম্পদ, তথ্যপ্ৰযুক্তি আৰু অন্যান্য খণ্ডত সহযোগিতাৰ নতুন দিশ মুকলি কৰিব। ইৰাণৰ মন্ত্ৰী মহম্মদ আতাবাকে কয়, “দুয়োখন দেশৰ ব্যৱসায়ীসকলৰ মাজত পাৰস্পৰিক বিশ্বাসে অৰ্থনৈতিক সহযোগিতাৰ পথ মুকলি কৰিব।

ইফালে ইৰাণৰ সৈতে ভাৰতৰো দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, বিশেষকৈ চাবাহাৰ বন্দৰৰ দৰে প্ৰকল্পত বিনিয়োগৰ জৰিয়তে ইৰাণৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে। উল্লেখণীয় যে ১৯৫০ চনৰ ‘ভাৰত-ইৰাণ বন্ধুত্ব সন্ধিৰ পৰা এই সম্পৰ্কৰ ভেটি গঢ় লৈ উঠিছে। অৱশ্যে ইৰাণ-ইজৰাইল সংঘাতত ভাৰতে প্ৰতক্ষ্য সমৰৰ্থনৰ পৰিৱৰ্তে  নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছিল, আৰু জুলাইত ব্ৰিকছ শীৰ্ষ সন্মিলনত ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ নিন্দা কৰিছিল ভাৰতে। পাকিস্তানৰ এই পদক্ষেপে কূটনৈতিক ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব।