NORTHEAST NOW (Assamese)
Popular Stories

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 7, 2025 11:58 am

আইনী উপায়েৰেও সাৰি যোৱাৰ কোনো প নাই। নগদ ধনৰ গোচৰৰ অভিযুক্ত ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণ কৰাটো শেহতীয়াকৈ অনিবাৰ্য হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ ৩জনীয়া ন্যায়াধীশ সমিতিৰ পৰামৰ্শক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰ খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

১৪ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাংলোত অগ্নিকাণ্ড সংঘটিত হৈছিল। জুই নিৰ্বাপন কৰাৰ সময়তে ন্যায়াধীশৰ ঘৰৰ পৰা উদ্ধাৰ হয় বিপুল পৰিমাণৰ জ্বলি যোৱা নোট। ঘটনাৰ পাছতে ন্যায়াধীশ ভাৰ্মাক বদলি কৰা হয় এলাহাবাদ উচ্চ ন্যায়ালয়লৈ। উচ্চতম ন্যায়ালয়ৰ ইন হাউছ কমিটীয়ে নগদ ধন আদায়ৰ গোচৰৰ তদন্ত আৰম্ভ কৰে। ৩ জনীয়া এখন কমিটী গঠন কৰা হয়। ৩ মেত তদন্ত সমিতিয়ে উচ্চতম ন্যায়ালয়ত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। তদন্ত সমিতিয়ে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ পোৱা বুলি দাবী কৰা হৈছিল। সেই প্ৰমাণৰ ভিত্তিত তদন্ত সমিতিয়ে ন্যায়াধীশ বাৰ্মাক অপসাৰণ কৰাৰ পৰামৰ্শ আগবঢ়ায়।

উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ পাছত ন্যায়াধীশ বাৰ্মাই কমিটীৰ ক্ষমতা আৰু যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ বিৰুদ্ধে গঠন কৰা তদন্ত সমিতিখন আইন অনুসৰি নহয় বুলি উচ্চতম ন্যায়ালয়ত দাবী কৰে। অভিযোগ প্ৰমাণিত হোৱাৰ আগতেই এই বিষয়টো ৰাজহুৱাভাৱে আলোচনা কৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰা বুলিও তেওঁ কয়। এনে ঘটনাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায় উলংঘা কৰে। পাছলৈ ন্যায়াধীশসকলে প্ৰশ্ন উত্থাপন কৰে যে যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে তদন্ত সমিতি গঠন কৰাৰ সময়ত আপত্তি কিয় উত্থাপন নহ? যাৰ উত্তৰত ন্যায়াধীশৰ অধিবক্তাই কয় যে, উদ্ধাৰ হোৱা নগদ ধন কাৰ মালিক সেইটো জানিবলৈ ন্যায়াধীশ বাৰ্মাই তদন্ত সমিতিৰ সন্মুখীন হৈছে। যোৱা ৩০ জুলাইত এই গোচৰৰ চূড়ান্ত শুনানিৰ সময়ত আদালতে ৰায়দান পিছুৱাই দিছিল।

বৃহস্পতিবাৰে দুজনীয়া ন্যায়াধীশ বিভাগৰ বিচাৰপীঠে ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। নিয়ম অনুসৰি ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে তদন্ত সমিতি গঠন কৰা বুলি আদালতে স্পষ্ট কৰি দিয়ে। সেই কমিটীয়ে নিয়ম অনুসৰি তদন্ত কৰিছিল। ন্যায়াধীশ বাৰ্মাই নিজেও তদন্তত অংশ লৈছিল। তদুপৰি আবেদনকাৰীৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা হোৱা নাছিল। যিহেতু উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰিছিল, সেয়েহে ন্যায়াধীশ বাৰ্মাৰ হাতত অন্য কোনো আইনী আশ্ৰয় নাছিল।