NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

August 7, 2025 9:30 pm

মাত্ৰ ২ দিনতে ২৫ টা কুকুৰক গুলীয়াই হত্যা কৰিলে এজন লোকে। ৰাজস্থানৰ ঝুনঝুনু জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মানুহজনে বন্দুক লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল। তাৰ পিছত তেওঁ ৰাস্তাৰ কুকুৰবোৰক গুলীয়াই হত্যা কৰে। সেই মৰ্মান্তিক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। সেইটো দেখি  সকল স্তম্ভিত হৈ পৰে নেটিজেনসকল।

সেই ভিডিঅ’টোত এজন লোকক হাতত বন্দুক লৈ ঘূৰি ফুৰা দেখা গৈছে। কেতিয়াবা খোজকাঢ়ি, কেতিয়াবা বাইকত। অৱশ্যে ৰাস্তাত কুকুৰ দেখিলেই ৰৈ যায়। তাৰ পিছত বন্দুকটো টোৱা কুকুৰবোৰলৈ গুলীচালনা কৰে।  গুলী খাই পথতে পৰি ৰৈছে ৰক্তাক্ত কুকুৰবোৰ।

ঝুনঝুনু জিলাৰ নৱালগড় অঞ্চলৰ কুমাবাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত যুৱকজনৰ নাম শ্যোচন্দ বাওয়াৰি। যোৱা ২ আৰু ৩ আগষ্টত বন্দুক লৈ ঘৰৰ পৰা ওলাই আহিছিল। সেই দুদিনত ২৫ টাতকৈও অধিক কুকুৰক গুলীয়াই হত্যা কৰিছিল।

ইফালে গাঁৱৰ ৰাস্তা আৰু পথাৰত কুকুৰৰ ৰক্তাক্ত মৃতদেহ পৰি থকা দেখা পোৱাৰ পিছতে আৰক্ষীত এজাহাৰ দাখিল কৰা হয়। আৰক্ষী অধীক্ষক ব্রিজেশ জ্যোতি উপাধ্যায়ে জনোৱা মতে, ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে যোৱা ৪ আগষ্টৰ পৰা এই গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছিল৷ অভিযুক্তৰ নাম শ্যোচন্দ বাওৱাৰী। তেওঁৰ ঘৰ ডুমৰা গাঁৱত। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পশুপ্ৰেমী আৰু গাঁওবাসীয়ে। শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে অৱগত কৰিছে। অৱশ্যে আৰক্ষীৰ মৌখিক অনুৰোধৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি দাবী কৰিছে স্থানীয় ৰাইজে।

কিছুদিন পূৰ্বে তিলজালাত উদ্ধাৰ হৈছিল দুটা ৰাস্তাৰ কুকুৰৰ মৃতদেহ। প্ৰথমে কুকুৰ দুটাৰ বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল। কুকুৰ দুটাক হত্যা কৰাৰ অভিযোগ কৰে পশুপ্ৰেমীয়ে। এই ঘটনাত ইতিমধ্যে তেওঁলোকে থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনাসমূহ ৯ জুনৰ পৰা ১৫ জুনৰ ভিতৰত তিলজালা মছজিদ বাৰি লেনত সংঘটিত হৈছিল। মৃত অৱস্থাত কুকুৰ দুটাক উদ্ধাৰ কৰা হয়।