NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন; উত্তৰ নাই মোদী-সোণোৱালৰ

Posted by: মানস প্ৰতিম গগৈ June 6, 2018 7:36 pm
narendra modi sarbananda sonowal

দেশৰ নাগৰিককে বিদেশী বুলি কাৰাগাৰত বন্দী কৰি ৰখাৰ দৰে মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন ঘটিছে অসমত। ভুক্তভোগীয়ে আবেদন কৰি অহাৰ পিছতো এই গুৰুতৰ অভিযোগক লৈ আজিকোপতি নিমাতে আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সোণোৱাল চৰকাৰ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইউনুচ খান নামৰ ব্যক্তিজনক নাগৰিক পঞ্জীৰ প্ৰথম খচৰাতে নাম থকাৰ পিছতো যোৱা ডেৰ বছৰতকৈও অধিক দিন ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

প্ৰধান মন্ত্ৰী মোদীকো লোকজনক মুকলি কৰি দিবলৈ অনুৰোধ কৰি ইতিমধ্যে ভুক্তভোগী খানৰ পৰিয়ালে আবেদন কৰিছে যদিও আজি ৬ জুনলৈকে পৰিয়ালটোৱে কোনো প্ৰত্যুত্তৰ পোৱা নাই।

প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ পূৰ্বে তেওঁক মুকলি কৰি দিবলৈ পৰিয়ালটোৱে অসম চৰকাৰকো আবেদন কৰিছিল। কিন্তু আজিলৈকে নিমাত হৈ আছে সোণোৱাল চৰকাৰ।

খানক ২০১৬ চনৰ নৱেম্বৰত খানক সীমান্ত আৰক্ষীয়ে আহি ‘বিদেশী বুলি সন্দেহ কৰি’ আটক কৰিছিল। আৰক্ষীয়ে ৫ দিনৰ ভিতৰত প্ৰয়োজনীয় নথি পত্ৰ দাখিলৰ বাবে খানৰ পৰিয়ালক নিৰ্দেশ দিছিল।

লগে লগে নথি-পত্ৰ জমা দিব নোৱাৰা পৰিয়ালটোৱে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়ে যদিও তেওঁক কিন্তু এতিয়াও মুকলি কৰি দিয়া হোৱা নাই।

জন্মসূত্ৰে উত্তৰ প্ৰদেশৰ খানে পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত বসবাস কৰি আহিছে।