NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 10, 2025 11:38 am

দেশত প্ৰতি বছৰে নতুন নতুন ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। দেশৰ প্ৰগতি বাঢ়িছে। আৰু তাৰ লগত সংগতি ৰাখি বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যাও। এইবাৰ দুৰ্ঘটনাৰ সংখ্যাই বিগত বৰ্ষৰ দুৰ্ঘটনাৰ সংখ্যাক অতিক্ৰম কৰিছে। লোকসভাত এই তথ্যই দাঙি ধৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে।

কেন্দ্ৰই প্ৰদান কৰা পৰিসংখ্যা অনুসৰি চলিত বৰ্ষৰ প্ৰথম ৬ মাহত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৯,০১৮ জন। এই সংখ্যা যোৱা বছৰৰ তুলনাত কমেও ৫০ শতাংশ বেছি।

গোটেই দেশৰ সকলো পথ দুৰ্ঘটনাৰ ৩০ শতাংশ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয়। কিন্তু দেশৰ ২ শতাংশ পথহে ৰাষ্ট্ৰীয় ঘাইপথ। চৰকাৰী হিচাপ মতে, ২০২৫ চনৰ জুন পৰ্যন্ত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত মুঠ ৬৭,৯৩৩টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।

২০২৪ চনত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ১,২৫,৮৭৩ টা দুৰ্ঘটনাত ৫৩,০৯০ জন লোকৰ মৃত্যু হৈছিল। ২০২৩ চনত এই সংখ্যা আছিল ১২৩,৯৫৫টা। চৰকাৰৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত দুৰ্ঘটনাৰ সংখ্যা একেবাৰে হ্ৰাস কৰা।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত পথৰ চিহ্নিতকৰণ, জংচন পুনৰ নিৰ্মাণ কৰা, আণ্ডাৰপাছ নিৰ্মাণ কৰা আদি অন্তৰ্ভুক্ত।