NORTHEAST NOW (Assamese)
অসম

অসম–মেঘালয় সীমান্তৰ সমীপত মাজনিশা জব্দ শাল কাঠভৰ্তি  ট্ৰাক

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 10, 2025 6:30 pm

শনিবাৰে গভীৰ নিশা চোৰাং ব্যৱসায় বিৰোধী অভিযানত অসম বন সুৰক্ষা দলে প্ৰায় ৫ লাখ টকাৰ শাল কাঠ ভৰ্তি টাটা ডি আই (পঞ্জীয়ন নম্বৰ এম এল ০৯ এ ৫০৩০) জব্দ কৰে।

গোপন সূত্ৰৰ পম খেদি পশ্চিম কামৰূপ বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া সুবোধ তালুকদাৰৰ নিৰ্দেশত এই অভিযান চলোৱা হয়।

বন বিষয়াৰ মতে, শনিবাৰে মাজনিশা অসমমেঘালয় সীমান্তৱৰ্তী অঞ্চলত খেদি খেদি তীব্ৰ বেগী ট্ৰাকখন জব্দ কৰা হয়।

ট্ৰাকখন জব্দ কৰাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী জোৱান উপস্থিত হয়। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ ট্ৰাক চালকজন পলায়ন কৰিবলৈ সক্ষম হয় আৰু এতিয়াও পলাতক অৱস্থাত আছে।

কৰ্তৃপক্ষই লক্ষ্য কৰিছে যে অবৈধভাৱে শাল গছ কটা আৰু কাঠ সৰবৰাহ অসম আৰু মেঘালয় উভয়তে এক আতংকজনক বিষয় হৈ পৰিছে।