NORTHEAST NOW (Assamese)
Popular Stories

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2025 11:12 am

দেওবাৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাক বিভিন্ন বিধানসভা সমষ্টিত দুটাকৈ নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (EPIC) নম্বৰ ৰখাৰ অভিযোগত ভাৰতীয় নিৰ্বাচন আয়োগে এক জাননী জাৰি কৰে। এই কাৰ্য্যৰ পিছতে বিৰোধী দলৰ নেতা তেজস্বী যাদৱে অভিযোগ উত্থাপন কৰিছে যে,  সিনহাৰ লখিচৰাই আৰু বাংকিপুৰৰ আসনত ভোটাৰ আইডি আছে, বয়স বেলেগ বেলেগএখনত ৫৭ আৰু আনখনত ৬০। ভাৰতীয় জনতা পাৰ্টিৰ নেতা সিনহাই বৃহস্পতিবাৰৰ ভিতৰত উত্তৰ দিব লাগিব নিৰ্বাচন আয়োগৰ ওচৰত।

বিৰোধী নেতাগৰাকীয়ে অভিযোগ কৰিছে যে সিনহাই দুয়োখন আসনতে গণনা প্ৰ-পত্ৰ পূৰণ কৰিছিল আৰু ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াক “ভুৱাবুলি অভিহিত কৰিছিল, সিনহাই দোষী হলে পদত্যাগ কৰাৰ লগতে আয়োগৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে সিনহাই এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁ বাংকীপুৰৰ পৰা নিজৰ নাম আঁতৰাবলৈ আবেদন কৰিছিল যদিও সেইটো মচি পেলোৱা হোৱা নাছিল।

ফালে বাংকিপুৰৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই নিশ্চিত কৰিছে যে সিনহাৰ নাম দুয়োখন তালিকাতে আছে, আনকি শেহতীয়াকৈ পুনৰীক্ষণৰ পিছতো তালিকাত নাম সন্নিবিষ্ট আছে।

উল্লেখনীয় যে বিহাৰৰ বিশেষ নিৰ্বাচনী তালিকা উন্নীতকৰণৰ মাজতে এই জাননী দিয়া হৈছে, ১ আগষ্টত প্ৰকাশিত খচৰাত ৬৫ লাখৰো অধিক ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। আনহাতে যোৱা সপ্তাহত তেজস্বী যাদৱে তেওঁৰ নাম তালিকাৰ পৰা বাদ পৰা বুলি দাবী কৰিছিল যদিও কৰ্তৃপক্ষই তেওঁৰ দেখুওৱা ভোটাৰ আইডি ভুৱা যেন লগা বুলি মত প্ৰকাশ কৰিছে।