NORTHEAST NOW (Assamese)
অসম

অসমৰ উদ্যোগীসকলক উদ্ভাৱনীমূলক  চিন্তা উজ্জীৱিত ৰখাৰ আহ্বান প্ৰধান মন্ত্ৰীৰ

Posted by: ৰাজীব ৰয় June 6, 2018 10:16 pm
0.30293200-1464353095-3-pm-modi-at-dedication-of-various-development-projects-in-meghalaya-18

প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উদ্যোগীসকলক প্ৰশংসা কৰি উদ্ভাৱনীমূলক  চিন্তা উজ্জীৱিত ৰখাৰ বাবে আহ্বান জনায়।

উত্তৰ পূৰ্বাঞ্চল তথা অসম উদ্যোগীসকলৰ নতুন ব্যৱসায়ৰ বাবে এটা কেন্দ্ৰ হৈ উঠাৰ বাবে তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে।

অসমৰ উদ্ভাৱকসকলৰ বিষয়ে্ তেওঁ অৱগত বুলিও প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

ভিডিঅ’ ব্ৰীজ ব্যৱস্থাৰ যোগে প্ৰধান মন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱ উদ্ভাৱক আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰি আছিল। এইটো হৈছে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীগৰাকীৰ চতুৰ্থটো এনেধৰণৰ মত বিনিময় কাৰ্যসূচী।

তেওঁ কয় যে কম বয়সতেই শিশুৰ মনত উদ্ভাৱনী চিন্তাক জগাই তুলিব লাগে। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা টুইটযোগে কৈছে প্ৰধান মন্ত্ৰীৰ এনেধৰণৰ কাৰ্যই অসমৰ যুৱ উদ্যোগীসকলক প্ৰেৰণা যোগাব।

প্ৰধান মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিজেপি চৰকাৰ দিনত পেটেণ্ট আৰু ট্ৰেডমাৰ্ক লাভ কৰাটো সহজসাধ্য হৈ পৰিছে। তেওঁ কয়  যে এইখন চৰকাৰে ট্ৰেডমাৰ্ক লাভ কৰাৰ বাবে প্ৰয়োজনীয় ফৰ্মৰ পৰিমাণ ৭৪খনৰ পৰা ৮খনলৈ কমাই আনিছে। পূৰ্বৰ চৰকাৰৰ তুলনাত এইখন চৰকাৰৰ দিনত পেটেণ্টৰ সংখ্যা ৩গুণ বৃদ্ধি হৈছে বুলিও তেওঁ কয়।

তেওঁ আৰু কয় যে নতুন উদ্যোগীসকলৰ বাবে যাতে পুঁজিৰ অভাৱ নহয়, তাৰ বাবে ১০,০০০ কোটি টকাৰ পুঁজি সৃষ্টি কৰিছে।

তেওঁ আৰু কয় যে নতুন চাম উদ্যোগীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ আৰু উদ্ভাৱনী চিন্তাৰ সৃষ্টি কৰিবলৈ চৰকাৰে  ‘অটল নিউ ইণ্ডিয়া’, ‘স্মাৰ্ট ইণ্ডিয়া হেক্কাথন’ আৰু ‘এগ্ৰিকালছাৰ গ্ৰেণ্ড চেলেঞ্জ’ আদি প্ৰতিযোগিতাৰ মঞ্চৰ সৃষ্টি কৰিছে।

তেওঁ কৃষিখণ্ডত উদ্ভাৱনী চিন্তাৰ প্ৰয়োগ কৰাৰ বাবে যুৱ চামলৈ আহ্বান জনায়। প্ৰধান মন্ত্ৰীগৰাকীয়ে ‘ইন্নোভেটিভ ইণ্ডিয়া’ হিচাপে ভাৰতক আগুৱাই নিবলৈ ভাৰতৰ নাগৰিকসকললৈ আহ্বান জনায়।