NORTHEAST NOW (Assamese)
Popular Stories

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2025 7:38 pm

সমাৱৰ্তন অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ পৰা ডিগ্ৰী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে এগৰাকী পি এইচ ডিৰ ছাত্ৰী। বুধবাৰে তামিলনাডুৰ মনোমান্যম সুন্দৰৰা বিশ্ববিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে ছাত্ৰীগৰাকীৰ নাম জিন জোচেফ। শেহতীয়াকৈ মাইক্ৰফাইনেন্সত পিএইচ ডিসম্পূৰ্ণ কৰিছে। সমাৱৰ্তন অনুষ্ঠানত ইচ্ছাকৃতভাৱে ৰাজ্যপালক এৰাই চলিছিল বুলিও কয় জিনে। ইয়াৰ সৈতে জড়িত এটা ভিডিঅ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে বিশ্ববিদ্যালয়খনত ৩২ সংখ্যক সমাৱৰ্তন অনুষ্ঠান চলি আছে। সেই ৰাজ্যৰ ৰাজ্যপালও আনৰ লগতে মঞ্চত উপস্থিত আছিল। অলপ পাছত জিন ডিগ্ৰী লবলৈ মঞ্চত উঠে। কিন্তু পোনপটীয়াকৈ ৰবিৰ পৰা ডিগ্ৰী লবলৈ অস্বীকাৰ কৰে। পাছত তেওঁ কয়, “আৰ এন ৰবি ৰাষ্ট্ৰ আৰু ৰাজ্যৰ জনসাধাৰণৰ বিৰোধী। তেওঁ তামিলনাডুৰ বাবে একো কৰা নাই।মই তেওঁৰ হাতৰ পৰা ডিগ্ৰী গ্ৰহণ কৰিব নিবিচাৰো।

প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বেও তামিলনাডুৰ মন্ত্ৰীসকলে ৰবিৰ উপস্থিতিৰ বাবে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ত সমাৱৰ্তন অনুষ্ঠান বৰ্জন কৰিছিল। কিন্তু এইবাৰ এজন ছাত্ৰীয়ে তেওঁৰ পৰা ডিগ্ৰী লবলৈ পোনপটীয়াকৈ অস্বীকাৰ কৰে।