NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 16, 2025 12:06 pm

শুকুৰবাৰে আলাস্কাত অনুষ্ঠিত হয় বহু চৰ্চিত ট্ৰাম্প-পুটিনৰ বৈঠক। অৱশ্যে এই বৈঠক অমীমাংসিত হৈ ৰ’ল। ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। অৱশ্যে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত হোৱা আলোচনা ফলপ্ৰসু বুলি তেওঁলোকে কয়। ইয়াৰ পৰা ভাৰতে লাভৱান হৈছে।

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত বৰ্তমান কোনো নতুন শুল্ক আৰোপ নকৰে বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ২-৩ সপ্তাহৰ পিছত তেওঁ আকৌ এবাৰ ইয়াক লৈ চিন্তা-চৰ্চা কৰিব। ইয়াৰ ফলত ভাৰতে সাময়িকভাবে কিছু হ’লেও সকাহ লাভ কৰিছে।

ফক্স নিউজত ট্ৰাম্পে কয় যে, ‘আজি যি হ’ল, এই মুহূৰ্তত শুল্কৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই নাভাবো। ২-৩ সপ্তাহৰ পিছত আকৌ এবাৰ চিন্তা-চৰ্চা কৰিম। এতিয়া আৰু বেছি চিন্তা নকৰো।’

ইয়াৰ পূৰ্বে অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কটাক্ষ কৰি কৈছিল, ‘ভাৰতৰ ওপৰত শুল্কই কাম কৰিছে। সকলোৰে কিবা এটা প্ৰভাৱ পৰে। এই শুল্কৰ বাবেই হয়তো পুটিনে এই বৈঠকত সন্মতি দিছিল। যেতিয়া কোনোবাই দ্বিতীয় বৃহত্তম ক্ৰেতা হেৰুৱাই পেলায়, তেতিয়া তেওঁলোকে নিজৰ বৃহত্তম ক্ৰেতাকো হেৰুওৱাৰ সম্ভাৱনা থাকে। মোৰ মতে এইটোৱেই হয়তো কাম কৰিলে।’

প্ৰসংগক্ৰমে ভাৰতে ৫০ শতাংশ শুল্ক দিবই লাগিব। এতিয়াৰ বাবে ইয়াৰ কোনো পৰিৱৰ্তনৰ লক্ষণ দেখা পোৱা নাই। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ ট্ৰাম্পে ২৫ শতাংশৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰে। কিছুমান কূটনৈতিক বিশ্লেষকে অনুমান কৰিছিল যে যদি ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰে তেন্তে ভাৰতেও লাভৱান হ’ব।

আমেৰিকাৰ যুক্তি হ’ল ভাৰতৰ দৰে বৃহৎ দেশসমূহে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিলে পুটিন শলঠেকত পৰিব। কাৰণ ইয়াৰ ফলত মস্কোৰ ৰাজহ হ্ৰাস পাব। তেতিয়া ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰাৰ বাহিৰে আন উপায় নাথাকিব।

কূটনৈতিক বিশেষজ্ঞসকলে কয় যে ইউক্ৰেইনে ভাৰতৰ ভাগ্যক অদৃশ্য সূতাৰে বান্ধি ৰাখিছে। মোডী চৰকাৰে এতিয়া নিজকে ভাৰসাম্য ৰক্ষা কৰিব লাগিব। যদিও আন্তঃৰাষ্ট্ৰীয় সমাজে ধাৰণা কৰে যে বৈঠকৰ পিছত ট্ৰাম্পে দিয়া ইংগিতৰ পিছত আপাততঃ ভাৰসাম্য বিঘ্নিত নহ’ব।