NORTHEAST NOW (Assamese)
দেশ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাব বিজেপিয়ে : কেতিয়া ঘোষণা হ’ব প্ৰাৰ্থী?

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী August 16, 2025 6:35 pm

জয় নিশ্চিত! তথাপিও উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতিত কোনো ধৰণৰ ভুল কৰিবলৈ বিজেপি অনিচ্ছুক। জগদীপ ধনখৰে পদত্যাগ কৰাৰ পিছত উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে অহা সপ্তাহত পুনৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ওলাইছে গেৰুৱা শিবিৰে।

অহা সপ্তাহত দিল্লীত এন ডি এৰ সাংসদসকলৰ মেগা মিটিং আহ্বান কৰা হৈছে। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি এন ডি এ শিবিৰৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকিব পাৰে। তাতেই প্ৰাৰ্থীৰ নাম ঘোষণা হব পাৰে।

অহা সপ্তাহৰ আৰম্ভণিতে আৰম্ভ হব সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় পৰ্যায়। মঙলবাৰে অধিৱেশনৰ সময়ত এন ডি এৰ অন্তৰ্গত সকলো দলৰ সাংসদৰ বৈঠক আহ্বান কৰে বিজেপিয়ে। সেই বৈঠকত এন ডি এ শিবিৰৰ শীৰ্ষ নেতাসকলকো সামৰি লোৱা হৈছে। ইয়াৰ লগতে সকলো সাংসদ উপস্থিত থাকিবলৈ হুইপ জাৰি কৰা হৈছে।

এন ডি এ শিবিৰে সেই বৈঠকক শক্তি প্ৰদৰ্শনৰ মঞ্চ হিচাপে দেখুৱাব বিচাৰিছে। আকৌ একেদিনাই উপৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ নামো ঘোষণা কৰিব পাৰে।

ইতিমধ্যে দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এন ডি এৰ বৈঠকত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হৈছে। যোৱা বৈঠকত প্রধানমন্ত্রীয়ে মিত্রজোঁটৰ নেতৃত্বক প্রার্থী বাছনি সন্দর্ভত আশ্বাস দি কয় যে সকলোৰে সৈতে আলোচনা কৰি প্রার্থী নির্বাচিত হব৷ আজি মিত্ৰজোঁটৰ নেতৃত্বই প্ৰাৰ্থী নিৰ্বাচনৰ দায়িত্ব প্ৰধানমন্ত্ৰী আৰু নাড্ডাৰ হাতত ন্যস্ত কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এন ডি এৰ সকলো মিত্ৰজোঁটৰ অংশীদাৰে সন্মতি প্ৰকাশ কৰি প্ৰাৰ্থী নিৰ্বাচনৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী আৰু জে পি নাড্ডাৰ ওপৰত এৰি দিছে। প্ৰধানমন্ত্ৰীয়ে সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব বুলি মন্তব্য কৰিছে।