NORTHEAST NOW (Assamese)
জীৱনশৈলী

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2025 6:30 am

চাইনাছৰ সমস্যা বৰ্তমান সময়ত বহু লোকৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ ফলত মূৰৰ বিষ, নাক বন্ধ হোৱা আৰু কফ আদি লক্ষণ দেখা যায়। সাধাৰণতে শীতকালত চাইনাছ ফুলা, ধূলি–মাটি এলাৰ্জি, নাকৰ ভিতৰত মাংস বৃদ্ধি বা নাকৰ হাড় বেঁকা হোৱাই এই সমস্যাৰ মুখ্য কাৰণ।

নয়ডাৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ ENT বিভাগৰ চিকিৎসক ডাঃ সিদ্ধাৰ্থ এছ শ্ৰীবাস্তৱে কয় যে চাইনাছৰ লক্ষণ নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগিব। তেওঁৰ মতে, ভিটামিন চি সমৃদ্ধ খাদ্য যেনে কমলা আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। মাছ, আখৰোটৰ দৰে ওমেগা–৩ ফেটি এচিডযুক্ত খাদ্য প্ৰদাহ কমাবলৈ সহায়ক ব্ৰকলি, পালেং, কবি আদিৰ দৰে সেউজীয়া শাক–পাচলিৰ লগতে গ্ৰীণ টি চাইনাছ নিয়ন্ত্ৰণত উপকাৰী। 

অন্যহাতে গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী (দৈ, পনিৰ, ঘিউ, মাখন, লাচী) জাংক ফুড, ফ্ৰাইড ফুড, ঠাণ্ডা,পাস্তা, ছ’ডাৰ দৰে ৰিফাইন কাৰ্বহাইড্ৰেট আদি খাদ্য বেছি খালে চাইনাছৰ লক্ষণ বৃদ্ধি পায় বুলি তেওঁ সতর্ক কৰিছে।

চিকিৎসকসকলে পৰামৰ্শ দিছে যে, যিসকলৰ ধূলি–ধোঁৱা বা এলাৰ্জি আছে, তেওঁলোকে এনে পৰিৱেশ এৰাই চলিব লাগিব। ঋতু পৰিবৰ্তন বিশেষকৈ শীতকালত চাইনাছৰ ৰোগীসকলে বিশেষ সাৱধানতা অবলম্বন কৰিব লাগে। অধিক সমস্যাত ভুগিলে স্বাভাৱিকতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো একান্ত প্ৰয়োজন।