NORTHEAST NOW (Assamese)
অসম

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2025 3:45 pm

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰিলে আদালতে।

হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায়দান কৰিছে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷

সম্পূৰ্ণ ৪ বছৰ পাছত নন্দিতা শইকীয়াৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ন্যায় পালে।

২০২১ চনৰ ২১ আগষ্টত নৃশংসভাবে হত্যা কৰা হৈছিল নন্দিতা শইকীয়াক।

সহপাঠীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত গোচৰটো চলি আছিল।

উল্লেখ্য যে ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে বুধবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰিছিল।

ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ অধীনত দোষী সাব্যস্ত কৰে ৰিন্টু শৰ্মাক। তাৰপিছতে আজি তেওঁৰ শাস্তি ঘোষণা কৰা হয়।