NORTHEAST NOW (Assamese)
দেশ

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2025 12:39 pm

অসামৰিক বিমানবন্দৰসমূহ পহৰা দি থকা বিমান নিৰাপত্তা গোটৰ (এ এছ জি) অংশ হিচাপে বৰ্তমান সমগ্ৰ দেশতে নিয়োজিত হৈ থকা ১০০ গৰাকী মহিলা কৰ্মীৰে গঠিত এই দলটো।

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীয়ে নতুনকৈ নিযুক্তি পোৱা মহিলা কমাণ্ডো দলটোক বিশেষ সন্ত্ৰাসবাদ বিৰোধী অভিযানত প্ৰশিক্ষণ দিব আৰু আঠ সপ্তাহৰ উন্নত প্ৰশিক্ষণৰ অন্তত মূল অভিযানত নিয়োগ কৰিব।

অসামৰিক বিমানবন্দৰসমূহ পহৰা দি থকা বিমান নিৰাপত্তা গোটৰ (এ এছ জি) অংশ হিচাপে বৰ্তমান সমগ্ৰ দেশতে নিয়োজিত হৈ আছে ১০০ গৰাকী মহিলা কৰ্মীৰে গঠিত এই দলটো।

১.৭ লাখ শক্তিশালী চিআইএছএফক মূলতঃ দেশৰ ৬৯টা অসামৰিক বিমানবন্দৰ আৰু অন্যান্য স্পৰ্শকাতৰ ইনষ্টলেশ্যনত পহৰা দিয়াৰ দায়িত্ব দিয়া হৈছে।

মধ্যপ্ৰদেশৰ বৰৱাহাৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে মহিলা কমাণ্ডোসকলৰ বাবে প্ৰশিক্ষণ।

চিআইএছএফৰ এগৰাকী মুখপাত্ৰই কয় যে, “এই আঠ সপ্তাহৰ উন্নত কমাণ্ডো পাঠ্যক্ৰমে মহিলা কৰ্মীসকলক উচ্চ নিৰাপত্তাসম্পন্ন প্ৰতিষ্ঠান আৰু উদ্যোগসমূহত দ্ৰুত প্ৰতিক্ৰিয়াৰ দল (কিউআৰটি) আৰু বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ কৰ্তব্যৰ বাবে প্ৰস্তুত কৰিব।

এই কাৰ্যসূচীত শাৰীৰিক ফিটনেছ আৰু অস্ত্ৰ প্ৰশিক্ষণ, মানসিক চাপৰ অধীনত লাইভ-ফায়াৰ ড্ৰিল, দৌৰ, বাধা পথ, ৰেপেলিঙৰ দৰে সহনশীলতা গঢ়ি তোলা ব্যায়াম, অৰণ্যত জীয়াই থকাৰ প্ৰশিক্ষণ, আৰু প্ৰতিকূল পৰিস্থিতিত সিদ্ধান্ত গ্ৰহণ আৰু দলীয় কাম পৰীক্ষা কৰিবলৈ ডিজাইন কৰা ৪৮ ঘণ্টীয়া আত্মবিশ্বাস গঢ়ি তোলা ব্যায়াম আদি অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা চিআইএছএফৰ শাৰীত ১২,৪৯১ গৰাকী মহিলা (শক্তিৰ ৮ শতাংশ) আছে।