NORTHEAST NOW (Assamese)
অসম

ভূটানৰ কনছুল জেনেৰেলক গুৱাহাটী-ভূটান, ছিংগাপুৰৰ মাজত বিমান সেৱা আৰম্ভ কৰাৰ আহ্বান মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ June 7, 2018 8:07 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী হৈ ভূটান আৰু ছিংগাপুৰৰ মাজত এক বিমান সেৱা অতি শীঘ্ৰে আৰম্ভ কৰাৰ ক্ষেত্ৰত ক্ষীপ্ৰ পদক্ষেপ ল’বলৈ ভূটানৰ কনছুল জেনেৰেল ফুব চেৰিঙক অহ্বান জনায়। আজি ভূটানৰ কনছুল জেনেৰেল গৰাকীয়ে মুখ্য মন্ত্ৰীৰ বসভৱনত সাক্ষাৎ কৰাৰ সময়ত মুখ্য মন্ত্ৰী গৰাকীয়ে এই আহ্বান জনায়।

উল্লেখযোগ্য যে ভূটানৰ বৈদেশিক মন্ত্ৰী ডামচ’ দৰ্জিয়ে ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ পদক্ষেপৰ সা-সুবিধাৰে উপকৃত হোৱাৰ বাবে এই বছৰৰ ফেব্ৰুৱাৰি মাহত গুৱাহাটী-পাৰো আৰু ছিংগাপুৰৰ মাজত এক দ্ৰুক এয়াৰৰ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।

ফলত আজি সাক্ষাৎকালত মুখ্য মন্ত্ৰী গৰাকীয়ে এই সেৱাৰ অগ্ৰগতিৰ সম্পৰ্কে জানিব বিচৰাত ভূটানৰ কনছুল জেনেৰেল গৰাকীৰ পৰা জানিব বিচাৰে। আৰু কনছুল জেনেৰেল গৰাকীয়ে ইয়াৰ উত্তৰত কয় যে তেওঁ নিজেই ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ লগত যোগাযোগ কৰিব।

যাতে মন্ত্ৰ্যালয়ে গুৱাহাটী-পাৰো আৰু ছিংগাপুৰৰ মাজত দ্ৰুত প্ৰত্যক্ষ দ্ৰুক এয়াৰৰ বিমান সেৱা প্ৰাৰম্ভণ বাস্তৱায়িত কৰে।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সংক্ৰান্তত ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিং টগবেৰ সৈতেও আলোচনা কৰিব বুলি ভূটানৰ কনছুল জেনেৰেল গৰাকীক কয়।