NORTHEAST NOW (Assamese)
Popular Stories

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2025 6:22 pm

ভিক্ষা নিষেধাজ্ঞাৰ বাবে নতুন আইন আনিছে মিজোৰাম চৰকাৰে। বিৰোধীৰ আপত্তিৰ মাজতে ‘মিজোৰাম ভিক্ষা নিষেধাজ্ঞা বিধেয়ক, ২০২৫ গৃহীত হয়। চৰকাৰী সূত্ৰ অনুসৰি এই বিধেয়কখনৰ লক্ষ্য হৈছে ভিক্ষাৰীসকলক পুনৰ সংস্থাপন কৰা, জীৱনৰ মান উন্নত কৰা আৰু তেওঁলোকক উচিত জীৱিকা অৰ্জন কৰাত সহায় কৰা।

মিজোৰামৰ সমাজ কল্যাণ মন্ত্ৰী লালৰিণপুই। শেহতীয়াকৈ ৰাজ্যত ভিক্ষাৰীৰ সংখ্যা সামান্য বৃদ্ধি পোৱা বুলিও তেওঁ কয়। এই লৈ চিন্তিত হৈ পৰিছে চৰকাৰ। কিন্তু সৌভাগ্যক্ৰমে মিজোৰামত ভিক্ষাৰীৰ সংখ্যা সাধাৰণতে কম। গীৰ্জা, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন চৰকাৰী আঁচনিৰ যৌথ প্ৰচেষ্টাৰ বাবে ভিক্ষাৰীৰ সংখ্যা অত্যধিক স্তৰত উপনীত হোৱা নাই।

মিজোৰাম সমাজ কল্যাণ বিভাগৰ এক সমীক্ষা অনুসৰি ৰাজধানী আইজলত কমেও ৩০ জন ভিক্ষাৰী আছে। ভৱিষ্যতে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে ৰাজ্য চৰকাৰে। ইয়াক ৰোধ কৰিবলৈ ‘মিজোৰাম ভিক্ষা নিষেধাজ্ঞা বিধেয়ক, ২০২৫ গৃহীত কৰা হৈছে। ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাইৰাং-ছিহমুই ৰেলপথ উদ্বোধন কৰিব বুলি আশংকা কৰিছে মন্ত্ৰী লালৰিণপুইয়ে।ইয়াৰ পিছত আন ৰাজ্যৰ ভিক্ষাৰীও মিজোৰামলৈ আহিব পাৰে। লালৰিণপুইয়ে আৰু কয় যে সাহায্য বৰ্ড গঠন কৰা হব আৰু ভিক্ষাৰীসকলক প্ৰথম অৱস্থাত অস্থায়ী ঠিকনাত ৰখা হব। ইয়াৰ পিছত তেওঁলোকক নিজৰ ঘৰলৈ বা নিজৰ ৰাজ্যলৈ প্ৰেৰণ কৰা হব।

প্ৰসংগক্ৰমে ভাৰতত ভিক্ষা কৰা নিষিদ্ধ নহয়। অৱশ্যে কেইবাখনো দেশৰ কেইবাটাও এলেকাত পৃথকে পৃথকে প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। উদাহৰণস্বৰূপে মধ্যপ্ৰদেশৰ ভোপাল আৰু ইন্দোৰ জিলাত ভিক্ষা নিষিদ্ধ কৰা হৈছে। মিজোৰাম প্ৰথমখন ৰাজ্য যত ভিক্ষা নিষিদ্ধ হবলৈ গৈ আছে।