NORTHEAST NOW (Assamese)
দেশ

“ভাৰতৰ ওপৰত সমগ্ৰ বিশ্বই ভৰসা কৰে” : জাপানত প্ৰধানমন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2025 8:30 pm

শুকুৰবাৰে টকিঅত অনুষ্ঠিত ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ পুঁজি কেৱল বৃদ্ধি হোৱা নাই, বহুগুণে বৃদ্ধি হৈছে।

তেওঁ কয় যে বিদেশী কোম্পানীসমূহৰ বিনিয়োগ অহৰহ বৃদ্ধি পাইছে আৰু অৰ্থনৈতিক সংস্কাৰৰ বাবে ভাৰত আজি এখন দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হৈছে।

মোদীয়ে কয় যে, “জেট্ৰ‘ (জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যন)ৰ মতে, ৮০ শতাংশ কোম্পানীয়ে ভাৰতত সম্প্ৰসাৰণ কৰিব বিচাৰে আৰু ৭৫ শতাংশ কোম্পানীয়ে লাভ অৰ্জন কৰিছে।”

তেওঁ কয় যে ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিতিশীলতাৰে ভাৰত অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিলৈ পৰিণত হবলৈ গৈ আছে। বিশ্বই কেৱল ভাৰতলৈ চোৱাই নাই, ভাৰতক বিশ্বাস কৰি আছে।

শুকুৰবাৰে পুৱা টকিঅত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। এই দুদিনীয়া ভ্ৰমণৰ সময়ত তেওঁ ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ সৈতে আলোচনা কৰিব।জাপান ভ্ৰমণৰ পিছত ৩১ আগষ্টত চীনৰ তিয়ানজিনলৈ যাত্ৰা কৰিব মোদীয়ে য’ত তেওঁ চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব।