NORTHEAST NOW (Assamese)
অসম

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 1, 2025 12:53 pm

বিপদত ২৫ কোটি জিমেইল ব্যৱহাৰকাৰী। সতৰ্ক কৰি দিছে গুগলে। টেক জায়ান্ট সংস্থাটোৱে তেওঁলোকক তৎক্ষণাত পাছৱৰ্ড সলনি কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও দু-ষ্টেপ ভেৰিফিকেশ্যন কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

জানিব পৰা মতে, সেই ব্যৱহাৰকাৰীসকলৰ গোপন তথ্য ইতিমধ্যে কুখ্যাত হেকাৰ শ্বাইনিহাণ্টাৰছৰ গ্ৰুপটোৱে চুৰি কৰিছে। ফলত সেই একাউণ্টসমূহে বৃহৎ বিপদৰ সন্মুখীন হৈছে।

সেই হেকিং কেনেকৈ সম্ভৱ হৈছিল? এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে যে শ্বাইনিহাণ্টাৰৰ আটাইতকৈ প্ৰিয় কৌশলটো হ’ল ‘ফিছিং’। অৰ্থাৎ ব্যৱহাৰকাৰীক ভুৱা লগইন পৃষ্ঠাত ক্লিক কৰিবলৈ বা সুৰক্ষা ক’ডকে ধৰি স্পৰ্শকাতৰ তথ্য গতাই দিবলৈ কোৱা ইমেইল প্ৰেৰণ কৰা।

কিন্তু শেহতীয়াকৈ এই প্ৰৱঞ্চনাত চুৰি হোৱা অধিকাংশ তথ্য ৰাজহুৱাভাৱে উপলব্ধ হ’লেও গুগলে সকীয়াই দিছে যে হেকাৰে পুনৰ ডাঙৰ ফান্দ পাতিব পাৰে। সেয়ে গুগলে এতিয়াই সাৱধান হ’বলৈ কৈছে।

যোৱা ৮ আগষ্টতে গুগলে সম্ভাৱ্য ‘ভুক্তভোগী’ক ইমেইলযোগে সকীয়াই দিছে। ইয়াত কোৱা হৈছে যে তেওঁলোকে নিজৰ একাউণ্টসমূহ ক্ষিপ্ৰতাৰে সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ ল’ব লাগে। ইয়াৰ বাবে দু-ষ্টেপ ভেৰিফিকেশ্যন কৰাৰ কথা কোৱা হৈছে। এইটো আচলতে ডিজিটেল ‘দুৱাৰ’ৰ এটা অতিৰিক্ত ‘তলা’।

এইক্ষেত্ৰত হেকাৰে পাছৱৰ্ড পালেও তেওঁলোকক আন এটা ক’ডৰ প্ৰয়োজন হ’ব। ই ব্যৱহাৰকাৰীৰ ডিভাইচত উপনীত হয়। ফলত হেকাৰে আৰু সেই একাউণ্টত লগ ইন কৰিব নোৱাৰিব। অৰ্থাৎ এটা ‘সৰু’ পদক্ষেপেৰে নিজক বচোৱাটো সম্ভৱ।

ইপিনে, জানিব পৰা গৈছে যে শ্বাইনিহাণ্টাৰছে কেৱল ব্যৱহাৰকাৰীৰ সাধাৰণ আৰু ব্যৱসায়িক তথ্যহে লাভ কৰিবলৈ সক্ষম হৈছে। তথাপিও গুগলে সকলোকে সাৱধান হ’বলৈ কৈছে।

কিন্তু যদি আপুনি ইমেইলটো পোৱা নাই তথাপি নিশ্চিত হৈ থকাটো কঠিন। বৰঞ্চ সকলোৱে সাৱধান হোৱাটো প্ৰয়োজন। যিহেতু বেংকিং, শ্বপিং আৰু ছ’চিয়েল মিডিয়া লগইনৰ বাবে ইমেইল অতি গুৰুত্বপূৰ্ণ, গতিকে সেই একাউণ্টটো যদি আপোনাৰ হাতৰ পৰা সুৰুকি যায়, তেন্তে সেয়া এক বৃহৎ ক্ষতি! সেয়ে বিশেষজ্ঞসকলে সাৱধান হোৱাৰ বাৰ্তা দিছে।