NORTHEAST NOW (Assamese)
অসম

বঙালমৰাত নাগৰিকত্ব বিধেয়ক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ দুৰ্নীতিবিৰোধী যুৱশক্তিৰ

Posted by: কল্পজ্যোতি শইকীয়া June 7, 2018 10:55 pm

বিহপুৰীয়াৰ বঙালমৰাত দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ বঙালমৰা আঞ্চলিক সমিতিয়ে বিহপুৰীয়া মহকুমা সমিতি, লখিমপুৰ জিলা সমিতিৰ সহযোগত নাগৰিকত্ব সংশোধনী  বিধেয়ক ২০১৬ বাতিল আৰু পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৭ জুনত এক গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত কাৰ্যসূচীৰ অংশৰূপে বঙালমৰা তিনিআলিৰ পৰা আৰম্ভ কৰি মছজিদ তিনিআলিলৈ বহৎ সমদল বাহিৰ কৰে বুলি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা কাৰ্যসূচীটোত দুৰ্নীতিবিৰোধী যুৱশক্তিৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্যৰ বিজেপি উভয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কোনো কাৰণতে এজনো বিদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহয় বুলি কয়।

আনহাতে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত পে’ট্ৰল-ডিজেলত শীঘ্ৰে জিএছটি লগাবলৈ দাবী জনাই সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দেৱানন্দ ফুকন, কেন্দ্ৰীয় সদস্য কাকু শৰ্মা, আমছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি, দুৰ্নীতি বিৰোধী যুৱশক্তি লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিত দত্ত, ধেমাজি জিলা সমিতিৰ সম্পাদক অমৃত গগৈ, বিহপুৰীয়া মহকুমা সমিতিৰ সভাপতি-সম্পাদক আৰু বহু বিষয়ববীয়া উপস্থিত থাকে।