NORTHEAST NOW (Assamese)
Popular Stories

কৰ্তব্যত অৱহেলা ৰোধ কৰিবলৈ ৰেলৱেৰ নতুন নিয়ম! টিটি-ৰ বায়’মেট্ৰিক উপস্থিতি এতিয়া বাধ্যতামূলক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2025 12:28 pm

ডিউটিত ফাঁকি আৰু ভুৱা প্ৰতিবেদন ৰোধ কৰিবলৈ ৰেলৱেৰ নতুন কঠোৰ নিয়ম।

অভিযোগ উত্থাপন হৈছে যে, বহু ৰেলৱে কৰ্মচাৰীয়ে কৰ্তব্যৰ বাবে হাজিৰ নোহোৱাকৈ উচ্চ কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰিছে। সেইবাবেই এইবাৰ ফিল্ড ডিউটিত থকা কৰ্মচাৰীৰ বাবে বায়মেট্ৰিক উপস্থিতিৰ কঠোৰ নিয়ম আহি আছে।

ৰেল বিভাগৰ তথ্য অনুসৰি বৰ্তমান টিকট পৰীক্ষক (টিটিই)ৰ বাবে পৰীক্ষামূলকভাৱে এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইতিমধ্যে মালদা সংমণ্ডলকে ধৰি একাংশ শাখাত এই পদক্ষেপ আৰম্ভ হৈছে। শীৰ্ষ মন্ত্ৰালয়ৰ সূত্ৰই দাবী কৰিছে যে অতি সোনকালে সমগ্ৰ দেশতে এই নিয়ম প্ৰৱৰ্তন কৰা হব।

২৯ আগষ্টত ইষ্ট-চেণ্ট্ৰেল ৰেলৱেৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচনত প্ৰথমটো ডিজিটেল টিটিই লবী মুকলি কৰা হয়। চৰকাৰী ব্যাখ্যাত কোৱা হৈছে যে যদি এই বায়মেট্ৰিক উপস্থিতি প্ৰৱৰ্তন কৰা হয় তেন্তে টিটিইৰ কৰ্মৰ সময় আৰু কৰ্তব্যৰ বাস্তৱ সময়ৰ তথ্য পোৱাটো সহজ হব। ফলত কৰ্মচাৰীৰ অভাৱ হৈছে নে নাই সেয়াও স্পষ্ট হব। এই বায়মেট্ৰিক ব্যৱস্থাটো টিটিইসমূহে ধৰি ৰখা টেবত যোগ কৰা হব।

এই নতুন ব্যৱস্থাই ৰেলৱেৰ ভিতৰত কৰ্ম অনুশাসন পুনৰুদ্ধাৰ কৰিব পাৰিবনে নাই সেয়া হব লক্ষ্যণীয়।