NORTHEAST NOW (Assamese)
দেশ

ঝাৰখণ্ডৰ জংঘলত মাওবাদী-নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা : ছহিদ ২ সেনা জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2025 2:30 pm

ঝাৰখণ্ডত অব্যাহত আছে মাওবাদী আৰু সেনা আৰক্ষীৰ সংঘৰ্ষ। সময়ছোৱাত সেনা-আৰক্ষীৰ গুলীত ভালেমান মাওবাদীয়ে প্ৰাণ হেৰুওৱাৰ লগতে সেনা-জোৱানো ছহিদ হৈছে। এইবাৰ ঝাৰখণ্ডৰ পালমৌ জিলাত মাওবাদীৰ সৈতে হোৱা বন্দুকৰ যুঁজত ছহিদ হ’ল দুজন নিৰাপত্তা বাহিনীৰ জোৱান। নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত আহত হয় আন এজন জোৱান। উদ্ধাৰ কৰি তেওঁক পালমৌ মেদনীৰাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বুধবাৰে পালামৌৰ মানাটু থানা এলেকাৰ কেডাল গাঁৱৰ জংঘলত মাওবাদীৰ গতিবিধিৰ খবৰ লাভ কৰে আৰক্ষীয়ে। ইয়াৰ পিছত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া বাহিনীয়ে তাত অভিযান চলায়।

পালমৌৰ ডি আই জি নৌছাদ আলমে জনোৱা মতে, পুৱা ১২:৩০ বজাৰ পৰা আৰম্ভ হৈছে অভিযান। জংঘলত মাওবাদীৰ সৈতে হোৱা বন্দুকৰ যুঁজৰ সময়ত গুলীৰ আঘাতত দুজন জোৱানৰ মৃত্যু হয়। সংকটজনক অৱস্থাত থকা আন এজন জোৱানক উদ্ধাৰ কৰি পালামৌৰৰ মেদনীৰাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মন কৰিবলগীয়া যে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদৰ পৰা মুক্ত কৰাৰ বাৰ্তা দিছে। তেতিয়াৰ পৰা মাওবাদী বিৰোধী অভিযানে চত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, আৰু ঝাৰখণ্ড আদি ৰাজ্যত গতি লাভ কৰিছে।

চোৰাংচোৱা তথ্য অনুসৰি ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। দেশৰ বাকী অংশতো নিৰাপত্তা বাহিনীয়ে অবিৰত অভিযান চলাই আছে। সেই অভিযানৰ বাবে মাওবাদীয়ে এতিয়া সাধাৰণ গাঁওবাসীক লক্ষ্য কৰি লোৱা আৰম্ভ কৰিছে।