NORTHEAST NOW (Assamese)
অসম

বিটিএডিত বাংলাদেশীক কোনোপধ্যে গ্ৰহণ নকৰো : মন্ত্ৰী প্ৰমীলাৰাণী

Posted by: এন ই নাও নিউজ June 8, 2018 8:27 am
Pramila-680x365

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিপিএফ দলৰ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই।

নলবাৰীৰ আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা মত-বিনময়ত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কয় যে বাংলাদেশীসকলক সমগ্ৰ অসমবাসীয়ে গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে যেতিয়া বি টি চিত আমি বাংলাদেশীসকলক কিয় গ্ৰহণ কৰিম?

বি টি এ ডিত বাংলাদেশীক সংস্থাপন কোনোপধ্যে মানি নলওঁ বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে।

আনহাতে, বিকল্প চৰকাৰ গঠন সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি মন্ত্ৰী ব্ৰহ্মই কয়, ‘’আমি যিহেতু এখন চৰকাৰতে আছো তাতে আকৌ বিকল্প চৰকাৰৰ কথা ভবা নাই। কিন্তু উপ-মুখ্যমন্ত্ৰী দিলে কোনেনো নল’ব।‘’

আমাক লৈ মূৰ ঘমাব নালাগে বুলি সদৰি কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে যিহেতু কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সম্পৰ্ক মধুৰেই নহয়, তেওঁলোকে এনেয়ে অংক নকৰাই ভাল।

তাৎপৰ্যপূৰ্ণভাৱে, মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই গড় হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰাটো সম্ভৱ নহয় বুলিও সাংবাদিকৰ আগত মন্তৱ্য কৰে।