NORTHEAST NOW (Assamese)
অসম

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 5, 2025 7:07 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে। এইবাৰ তেওঁৰ পৰিয়ালৰ অধিকাংশ সদস্যই “বিদেশী বুলি দাবী কৰিছে শৰ্মাই। গগৈক “বাংলাদেশী বিদেশী” বুলিও অভিহিত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আগতে মই গৌৰৱ গগৈক গুৰুত্ব দিছিলো। কিন্তু পিছত যেতিয়া গম পালোঁ যে তেওঁৰ সন্তান আৰু পত্নী বিদেশী, তেতিয়াই বুজিলোঁ যে তেওঁ হয়তো সোনকালে বহিঃৰাজ্যলৈ পলায়ন কৰিব। যেতিয়া কাৰোবাৰ পৰিয়ালৰ তিনিজন সদস্যই বিদেশী হয় তেতিয়া তেওঁ আমাক কি জ্ঞান আগবঢ়াব পাৰে? এনে এজন ব্যক্তিক মই বাংলাদেশী বিদেশী বুলি গণ্য কৰোঁ।”

উল্লেখ্য যে যোৱা মে মাহত মুখ্যমন্ত্ৰীয়ে গগৈক “পাকিস্তানী এজেণ্ট বুলি অভিহিত কৰিছিল আৰু গগৈয়ে পাকিস্তান ভ্ৰমণৰ সবিশেষ লুকুৱাই ৰাখিছিল বুলি অভিযোগ কৰিছিল। লগতে গগৈ আৰু তেওঁৰ পত্নী দুয়োকে ভাৰত বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত বুলি অভিযোগ কৰিছিল।

ইফালে গগৈয়ে এই সকলোবোৰ অভিযোগ নাকচ কৰিছে। অনুপ্ৰৱেশৰ বিষয়টোক লৈ অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰকো আক্ৰমণ কৰিছে গৌৰৱ গগৈয়ে। আগষ্ট মাহত কংগ্ৰেছ নেতাজনে প্ৰশ্ন কৰিছিল যে বিজেপিৰ ১০ বছৰৰ শাসনৰ পাছতো কিয় ৰাজ্যত অবৈধ প্ৰব্ৰজনকাৰীয়ে প্ৰৱেশ কৰিয়েই আছে।