NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2025 6:04 pm

Covid-19ৰ সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এগৰাকী বিদ্যালয়ৰ অধ্যক্ষৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ।

মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ খণ্ড বিচাৰপীঠে ৪ ছেপ্টেম্বৰত এক ৰায়দানত স্পষ্ট কৰি দিছিল যে প্ৰধান শিৱনাথ প্ৰসাদৰ মৃত্যু Covid কৰ্তব্যৰত অৱস্থাত সংক্ৰমণৰ বাবেই হৈছে।

কি হৈছিল?

১৯৯৩ চনত সহকাৰী শিক্ষক হিচাপে দিল্লী চৰকাৰত যোগদান কৰা শিৱনাথ প্ৰসাদে মৃত্যুৰ সময়ত নিথাৰী এম চি ডি প্ৰাথমিক বালক বিদ্যালয়ৰ অধ্যক্ষ আছিল।

২০২০ চনত দিল্লী চৰকাৰে এক বিশেষ আঁচনি আৰম্ভ কৰিছিল, যত কোৱা হৈছিল যে যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে Covid কৰ্তব্যৰত অৱস্থাত কৰনাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ পৰিয়ালক মৰণোত্তৰভাৱে ১ কোটি টকা এক্স-গ্ৰেটিয়া ক্ষতিপূৰণ দিয়া হব।

অভিযোগ অনুসৰি, ২০২১ চনৰ এপ্ৰিল মাহত শিৱনাথ প্ৰসাদক Covid সম্পৰ্কীয় কৰ্তব্যত নিযুক্তি দিয়া হৈছিল।সেই মাহৰ ২৪ তাৰিখে তেওঁ আক্ৰান্ত হৈছিল আৰু মাত্ৰ চাৰি দিনৰ পাছত, ২৮ এপ্ৰিলত মৃত্যুবৰণ কৰিছিল।

শিৱনাথ প্ৰসাদৰ পত্নীয়ে যেতিয়া ক্ষতিপূৰণৰ বাবে আৱেদন কৰিছিল, তেতিয়া শিক্ষা বিভাগৰ উপ-সঞ্চালকে ফাইলত থকা ‘কিছুমান আপত্তিৰ উল্লেখ কৰি আবেদন নাকচ কৰিছিল। পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও একক বিচাৰপীঠেও আবেদন নাকচ কৰে।

অৱশ্যে ২০২৩ চনৰ এপ্ৰিল মাহত বিভাগীয় বিচাৰপীঠে বিদ্যালয়ৰ অধ্যক্ষৰ এখন পত্ৰ পৰীক্ষা কৰিছিল, যত স্পষ্টকৈ লিখা আছিল যে শিৱনাথ প্ৰসাদ Covid কৰ্তব্যত আছে আৰু ভেকচিন প্ৰদানৰ ক্ষেত্ৰতো জড়িত আছিল।

এই তথ্যৰ ভিত্তিত আদালতে কয় যে তেওঁৰ মৃত্যু সেই কৰ্তব্য পালনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

আদালতৰ বাৰ্তা

আদালতে লক্ষ্য কৰিলে যে এনে কল্যাণমূলক নীতি অত্যধিক কঠোৰ বা নিখুঁত হব নালাগে। বৰঞ্চ নীতিৰ আঁৰৰ মূল উদ্দেশ্য অৰ্থাৎ পৰিয়ালটোক সকাহ দিয়াটোক অগ্ৰাধিকাৰ দিয়া উচিত।

উক্ত অধ্যক্ষ শিৱনাথ প্ৰসাদৰ পত্নীক পাবলগীয়া ক্ষতিপূৰণৰ ধন আঠ সপ্তাহৰ ভিতৰত দিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিয়ে আদালতে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ধন পৰিশোধ নকৰিলে চৰকাৰে বছৰি ৬ শতাংশ সুতৰ লগতে ধন পৰিশোধ কৰিব লাগিব।