NORTHEAST NOW (Assamese)
অসম

মুম্বাইত উত্তৰ-পূবৰ খেলুৱৈক লৈ জাহ্নু বৰুৱাৰ পুত্ৰই গঠন কৰিলে নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি; নিজেও খেলিব দলত

Posted by: সুমন্ত কাকতী June 8, 2018 8:26 pm
NortheastRangersFC

অসম তথা উত্তৰ-পূবৰ ফুটবলপ্ৰেমী আৰু ক্ৰীড়াপ্ৰেমীক উৎসাহিত কৰিব পৰা এটা ভাল খবৰ। যশস্বী অসমীয়া চিনেমা নিৰ্মাতা আৰু পৰিচালক  জাহ্ন বৰুৱাৰ একমাত্ৰ পুত্ৰ অজু বৰুৱাই মুম্বাইত উত্তৰ-পূৱৰ খেলুৱৈক লৈ নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি নামেৰে এটা পেচাদাৰী ফুটবল দল গঠন কৰিছে। সম্ভাৱনাময় ফুটবল প্ৰতিভাৰ আকৰস্বৰূপ এই অঞ্চলটোৰ খেলুৱৈৰে এটা দল গঠন কৰা খবৰটোৱে অসমীয়া ফুটবলপ্ৰেমীক যথেষ্ট কৌতূহল দিয়াৰ লগতে আনন্দৰ স্বাদো দিছে।

জানিব পৰামতে এই দলটোৱে প্ৰাথমিকভাৱে মুম্বাই ডিষ্ট্ৰিক্ট ফুটবল এছ’চিয়েশ্যনৰ তৃতীয় ডিভিজনত খেলিব। ইয়াৰ বাবে ইতিপূৰ্বে দুটা পৰ্য্যায়ত খেলুৱৈৰ ট্ৰায়েল হৈ গৈছে। দল নিৰ্বাচনো হৈ গৈছে।

উল্লেখ্য যে ক্লাবৰ সংগঠক অজু বৰুৱা  নিজেই এজন সুদক্ষ ফুটবলাৰ আৰু নিয়মীয়াকৈ মুম্বাইৰ স্থানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ ইতিপূৰ্বে সমৰ্থ হৈছে।  অজুৱে দলৰ হৈ খেলুৱৈ হিচাপেও অৱতীৰ্ণ হ’ব। অলপতে দলটোৰ জাৰ্ছি আৰু লগ’ মুকলি কৰা হ’ব বুলি সূত্ৰটোৱে জনাইছে।

NortheastRangersFCSquad
নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চিৰ প্ৰথমখন খেলুৱৈ তালিকা। ফটো : ফেইচবুকৰ সৌজন্যত।

উত্তৰ-পূবৰ বাহিৰত আৰু বিশেষকৈ গোৱা, মুম্বাইৰ দৰে দেশৰ ফুটবলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এটা মণ্ডলত উত্তৰ-পূবৰ খেলুৱৈৰে এটা দল গঠন কৰি পেচাদাৰী ফুটবলত খোজ পেলোৱাৰ আইডিয়াটোৱে সমগ্ৰ অসমবাসীকে ৰোমাঞ্চিত কৰি তুলিছে। এতিয়া সকলোৱে আশা কৰি আছে এই দলটোৰ সাঁচ বহুৱাব পৰা প্ৰদৰ্শনৰ খবৰৰ বাবে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ যথেষ্ট সংখ্যক খেলুৱৈৰে গঠিত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি হ’ল এটা পেচাদাৰী ফুটবল ক্লাব, যিটোৱে ভাৰতৰ প্ৰথম শ্ৰেণীৰ পেচাদাৰী ক্লাব ফুটবল প্ৰতিযোগিতা আই এছ এলত খেলি আহিছে। এইটো ক্লাবৰ স্বত্বাধিকাৰী হ’ল বলিউদৰ অভিনেতা জন আব্ৰাহাম।  সেই ফালৰ পৰা নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি হ’ল এই ক্ষেত্ৰত দ্বিতীয়টো পেচাদাৰী দল।