NORTHEAST NOW (Assamese)
Popular Stories

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 4:01 pm

গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আজি ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। ১৩ ছেপ্টেম্বৰত আয়োজন কৰা এক দিনজোৰা কাৰ্যসূচীৰে কিংবদন্তিগৰাকীক শিল্প, সংগীত আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদ্বোধনী অধিৱেশনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু ড° হাজৰিকালৈ পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। প্ৰখ্যাত অসমীয়া সংগীত পৰিচালক ড° ৰমেন চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অনুষ্ঠানটিৰ শোভা বঢ়ায়। শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি যশোদৰঞ্জন দাসে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য জয়ন্ত ডেকাই উদ্বোধনী ভাষণ প্ৰদান কৰে , লগতে গিৰিজানন্দ চৌধুৰী বিশ্বিবিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প দাসো উপস্থিত থাকে।

° ৰমেন চৌধুৰীয়ে, কিংবদন্তিগৰাকীৰ অৱদান, তেওঁৰ সংগ্ৰামৰ দিন আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰে। ড° হাজৰিকাৰ সৈতে থকা ব্যক্তিগত বন্ধনৰ কথাও তেওঁ স্মৰণ কৰি অসমৰ সাংস্কৃতিক গৌৰৱ গঢ়ি তোলাৰ ক্ষেত্ৰত ড০ হাজৰিকাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।

° ভূপেন হাজৰিকাৰ ওপৰত এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। তাৰ পিছত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভূপেন্দ্ৰ সংগীতত নৃত্য পৰিবেশন কৰে।

উল্লেখ্য যে, ° ভূপেন হাজৰিকাৰ সাহিত্যিক উত্তৰাধিকাৰক সন্মান জনাই ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ বিষয়ক সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ ভনিতা কলিতাই অনুষ্ঠানটিত প্ৰথম পুৰস্কাৰ লাভ কৰে। ৰচনা প্ৰতিযোগিতাৰ বিচাৰক দিছপুৰৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষ ড০ গীতা দত্ত বৰুৱা আৰু দক্ষিণ কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী ড০ জিলমিল বৰাই।

ইয়াৰ পিছত ৰাজ্যিক পৰ্যায়ৰ আন্তঃমহাবিদ্যালয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়,ত সমগ্ৰ অসমৰ ২৫ খন প্ৰতিষ্ঠানৰ প্ৰায় ৪৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক অধ্যাপক দিলীপ কুমাৰ কলিতা, বি.এড. কলেজ, বাইহাটা চাৰিআলিৰ সহকাৰী অধ্যাপিকা ড° পৰিস্মিতা শৰ্মা আৰু সুপৰিচিত সংগীতজ্ঞ দীপ ৰাজবংশী।

উদযাপনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে ড° হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ প্ৰদৰ্শন আৰু সংৰক্ষণৰ বাবে এক নিৰ্দিষ্ট স্থান সুধাকণ্ঠ আৰ্ট গেলেৰীও উদ্বোধন কৰে। মানুহে মানুহৰ বাবে শীৰ্ষক মুকলি আৰ্ট গেলেৰীত ড° হাজৰিকাৰ মানৱতা আৰু সমন্বয়ৰ দৰ্শনক চিত্ৰিত কৰা ফটো আৰু শিল্পকৰ্ম উপস্থাপন কৰা হয়।