NORTHEAST NOW (Assamese)
Popular Stories

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2025 10:21 am

কিম জং উনৰ একনায়কত্ববাদৰ বিষয়ে সকলোৰে পৰিচিত। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী গৰাকীৰ নতুন ‘খ্যাতিৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে সেই দেশত ইতিমধ্যে বিদেশী চিনেমা আৰু টিভি চেনেল চোৱাৰ বাবে কেইবাজনো লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে উত্তৰ কোৰিয়াত সামগ্ৰিকভাৱে মৃত্যুদণ্ডৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত বহিঃৰাষ্ট্ৰৰ চেনেল আৰু চিনেমা চোৱাৰ ‘অপৰাধ! একে সময়তে প্ৰতিবেদনত দাবী কৰা হৈছে যে বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন দেশখনত বলপূৰ্বক শ্ৰমৰ উপৰিও ব্যক্তিগত স্বাধীনতাও কাঢ়ি লোৱা হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে কয় যে কিমৰ দেশত নাগৰিকৰ জীৱন প্ৰতিটো দিশতে নিয়ন্ত্ৰিত। আনকি কোৱা হৈছে যে পৃথিৱীৰ আন কতো এনে নিষেধাজ্ঞা নাই। সময়ৰ লগে লগে কিম প্ৰশাসনে প্ৰযুক্তিৰ শক্তিৰে মানুহৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। উত্তৰ কোৰিয়াৰ নাগৰিকৰ এক বৃহৎ অংশই দক্ষিণ কোৰিয়াৰ গীত বা চিনেমা চায় বুলিও জনা যায়। এই ধাৰাটোক চেপি ধৰিবলৈ কিমে মৃত্যুদণ্ডৰ ‘বুলডজাৰ ব্যৱহাৰ কৰিব বিচাৰিছে। তদুপৰি কইনাৰ বিয়াৰ সাজত বগা ৰঙৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে! এইদৰেই কিমৰ বিভিন্ন হুইমছে বিশ্ববাসীক আচৰিত কৰি তুলিছে।

মন কৰিবলগীয়া যে যোৱা বছৰ বিদেশী চিনেমা চোৱাৰ ‘অপৰাধৰ বাবে ৰাজহুৱা স্থানত ৩০ জন কিশোৰক গুলীয়াই হত্যা কৰা বুলি খবৰ ওলাইছিল। ঘটনাটো পোহৰলৈ অহাৰ পাছত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। বিগত সময়ত দক্ষিণ কোৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছিল যে ৩০ জন কিশোৰক বিদেশী নাটকৰ ভিডিঅ চাই ধৰা পৰিছিল। একনায়কত্ববাদী কিমৰ বিচাৰত তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। লগতে শুনা যায় যে যোৱা বছৰ বানপানীত মৃত্যুদল ৰোধ কৰিব নোৱাৰাৰ ‘অপৰাধৰ বাবে ছুপ্ৰিম কমাণ্ডাৰ কিমৰ নিৰ্দেশত ৩০ জন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হৈছিল!