NORTHEAST NOW (Assamese)
Popular Stories

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2025 2:59 pm

ইউনেস্ক’ৰ ‘বিশ্ব ঐতিহ্য’ৰ আংশিক তালিকাত অন্তৰ্ভুক্ত হৈছে সাতটা ভাৰতীয় স্থান। ইউনেস্ক’ৰ ভাৰতৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে কয় যে এই সংযোজনে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, আৰু চোৱাচিতাৰ প্ৰতি থকা আগ্ৰহক উজ্জ্বল কৰি তুলিছে। আৰু  প্ৰাকৃতিক সম্পদৰ  শিতানত এই স্থান সমূহ নিৰ্বাচিত কৰা হৈছে।

ইণ্ডিয়া এট ইউনেস্কোই ইয়াৰ এক্স হেণ্ডেলত এই বিষয়ে ঘোষণা কৰিছে। ইয়াত কোৱা হৈছে যে ইউনেস্কো বিশ্ব ঐতিহ্য সন্মিলনৰ সম্ভাৱ্য স্থানৰ তালিকাত সাতটা ভাৰতীয় স্থান অন্তৰ্ভুক্ত কৰা হৈছে।

নিৰ্বাচিত সাতটা স্থান হ’ল: মহাৰাষ্ট্ৰৰ পঞ্চগণি আৰু মহাবলেশ্বৰৰ ডেকান ট্ৰেপছ, কৰ্ণাটকৰ উডুপিৰ চেণ্ট মেৰী দ্বীপপুঞ্জৰ ভূতাত্ত্বিক ঐতিহ্য, মেঘালয়ৰ পূব খাছি পাহাৰৰ গুহা, নাগালেণ্ডৰ কিফিৰেৰ নগা পাহাৰৰ অফিঅ’লাইট, অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ এৰা মাট্টি ডিব্বালুৰ প্ৰাকৃতিক ঐতিহ্য, অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ তিৰুমালা পাহাৰৰ প্ৰাকৃতিক ঐতিহ্য, আৰু কেৰালাৰ ভাৰ্কলাৰ প্ৰাকৃতিক ঐতিহ্য। এই স্থানসমূহত প্ৰাচীন শিলৰ গঠন, গুহা আৰু উপকূলীয় দৃশ্যপট আছে, যিয়ে পৃথিৱীৰ ইতিহাসৰ কাহিনী বৰ্ণনা কৰে।

এই সংযোজনৰ ফলত ইউনেস্ক’ৰ তালিকাত ভাৰতৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা ৬৯টালৈ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, এই স্থানসমূহ অতি সোনকালে পূৰ্ণাংগ বিশ্ব ঐতিহ্য স্থানৰ মৰ্যাদা লাভ কৰিব পাৰে, যাৰ ফলত পৰ্যটন আৰু সংৰক্ষণৰ ক্ষেত্ৰত উন্নতি হ’ব।